জীৱন ক্ষণস্থায়ী ৷ যাক আমি ধৰোঁ বুলিলেই ধৰি ৰাখিব নোৱাৰো ৷ মৃত্যুৱে যেতিয়াই যাক হাত বাউলী মাতে তেতিয়াই তেওঁ যোৱাটো বাঞ্ছনীয় ৷
সেয়েহে হয়তো বিশ্ববিখ্যাত শিল্পী মাইকেল জেকচনে ইচ্ছা কৰিও তেওঁ বিচৰা ধৰণে জীয়াই থাকিব পৰা নাছিল ৷ নিজৰ জীৱনক অত্যন্ত ভালপোৱা এইগৰাকী শিল্পীয়ে নিজকে ১৫০বছৰ জীয়াই ৰাখিব খুজি কি কি যে কৰা নাছিল ৷ সামাজিক মাধ্যম যোগে প্ৰকাশ পোৱা এটি পোষ্টত উল্লেখ কৰা অনুসৰি কাৰোবাৰ লগত কৰমৰ্দ্দন কৰাৰ আগতে গ্ল’ভছ পিন্ধিছিল এইগৰাকী বিশ্ববিখ্যাত শিল্পীয়ে ৷ৰাজহুৱা স্থানলৈ যোৱাৰ আগতেই মুখত মাস্ক পিন্ধিছিল তেওঁ ৷যি নিজৰ যত্ন লবলৈ ঘৰত নিযুক্তি দিছিল ১২ জন চিকিৎসকক! আনহাতে প্ৰতিদিনে মূৰৰ চুলিৰ পৰা ভৰিৰ নখলৈকে পৰীক্ষা কৰিছিল তেওঁ! পৰীক্ষাগাৰত পৰীক্ষা কৰিহে খুৱাই দিয়া হৈছিল তেওঁৰ খাদ্য! আচৰিত নহৈ নোৱাৰি যে ব্যায়াম কৰাবলৈ তেওঁৰ ঘৰত ৰখা হৈছিল ১৫ জন ব্যক্তিক!
মাইকেল জেকচন ক’লা আছিল সেয়েহে ১৯৮৭ চনত প্লাষ্টিক চাৰ্জাৰী কৰি তেওঁ তেওঁৰ ছালখন উজ্জ্বল বগা কৰি তুলিছিল! আনহাতে তেওঁ নিজৰ ক’লা পিতৃ-মাতৃ আৰু ক’লা বন্ধুকো পৰিত্যাগ কৰিছিল আৰু বগা হোৱাৰ পিছত তেওঁ বগা পিতৃ-মাতৃক ভাড়াত লৈছিল আৰু বন্ধুসকলকো বগা কৰি তুলিছিল লগতে বিয়া কৰাইছিল বগা মহিলাক!
ডেৰশ বছৰ জীয়াই থকাৰ লক্ষ্যৰে জীৱন অতিবাহিত কৰা এইজন শিল্পী সদায় অক্সিজেন থকা বিচনাত শুইছিল আৰু তেওঁ নিজৰ বাবে অংগদাতাও প্ৰস্তুত কৰি ৰাখিছিল! বহু ধন ব্যয় কৰি মানুহ ৰাখিছিল তেওঁ, যাতে সময় আহিলে, বৃক্ক, হাওঁফাওঁ, চকু বা শৰীৰৰ আন কোনো অংশৰ প্ৰয়োজন হ’লে আহি দিব পাৰে তেওঁলোকে। তেওঁ হয়তো ভাবিছিল যে অৰ্থ আৰু তেওঁৰ সাহায্যৰ প্ৰভাৱত তেওঁ মৃত্যুকো এৰাই চলিব পাৰিব। কিন্তু অৱশেষত তেওঁ ভুল প্ৰমাণিত হৈছিল।
২০০৯ চনৰ ২৫ জুন তাৰিখে তেওঁৰ হৃদস্পন্দন বন্ধ হৈ পৰিছিল৷ তেওঁৰ ঘৰত থকা ১২ জন ডাক্তৰৰ উপস্থিতিত এই অৱস্থা নিয়ন্ত্ৰণ কৰিব পৰা নগ’ল, চহৰৰ বিভিন্ন প্ৰান্তৰ চিকিৎসক তেওঁৰ ঘৰত গোট খালে, কিন্তু কোনেও তেওঁক বচাব নোৱাৰিলে।
কিন্তু যেতিয়া তেওঁৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল তেতিয়া ডাক্তৰে ক’লে যে তেওঁৰ শৰীৰটো এটা কংকাল হৈ পৰিছিল! মূৰটো টান হৈ পৰিছিল, কান্ধৰ হাড়বোৰ ভাঙি গৈছিল, শৰীৰত বেজীৰ অগণন চিন আছিল৷ প্লাষ্টিক চাৰ্জাৰীৰ ফলত হোৱা বিষ এন্টিবায়টিকৰ দ্বাৰা মুক্তি পাবলৈ দিনটোত তেওঁ ডজন ডজন বেজী ল’ব লগা হৈছিল!
কিন্তু শেষত সময়ৰ ওচৰত হাৰ মানিছিল এইজন শিল্পীয়ে ৷ যি বুজি পাইছিল যে অৰ্থৰে সকলো কিনিব পাৰি কিন্তু কিনিব নোৱাৰি জীৱন ৷
এইয়াই পৰম সত্য ৷ মৃত্যুৰ ওচৰত সকলো মূল্যহীন ৷