ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ বৈঠকত কাশ্মীৰ প্ৰসংগ পুনৰ উত্থাপন কৰাৰ বাবে ভাৰতৰ সমালোচনাৰ সন্মুখীন হৈছে পাকিস্তান । এদিন পূৰ্বে পাকিস্তানে সুৰক্ষা পৰিষদৰ বৈঠকত কাশ্মীৰ প্ৰসংগ উত্থাপন কৰি ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পাকিস্তানে অপব্যৱহাৰ কৰা বুলি মন্তব্য কৰিছে ভাৰতে ।
নতুন দিল্লীৰ বিৰুদ্ধে পাকিস্তানে ভিত্তিহীন আৰু বিদ্বেষপূৰ্ণ প্ৰচাৰ চলোৱা বুলি প্ৰকাশ কৰি ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী অভিযানৰ আইনী উপদেষ্টা কাজল ভাটিয়াই জম্মু-কাশ্মীৰত অবৈধ ভাৱে অধিকৃত কৰি থকা সকলো অঞ্চল তাৎক্ষণিক ভাৱে খালী কৰি দিবলৈ দাবী জনায়।
মঙলবাৰে ভাটিয়াই কয় ” মই এই মঞ্চত পুনৰ এবাৰ ভাৰতৰ স্থিতি অৱগত কৰিব বিচাৰিছোঁ। জম্মু -কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অভিন্ন অংগ আছিল, বৰ্তমানেও হৈ আছে আৰু ভৱিষ্যতলৈ হৈ থাকিব। পাকিস্তানে অধিকৃত কৰি ৰখা অঞ্চল সমূহো ইয়াৰ অন্তৰ্গত।সেয়েহে পাকিস্তানক তেওঁলোকে অবৈধ ভাৱে দখল কছাৰী থকা অঞ্চকসমূহ শীঘ্ৰে এৰি দিবলৈ আহ্বান জনাইছো।
“আইনী উপদেষ্টা গৰাকীয়ে লগতে কয় যে এইয়াই প্ৰথম নহয় , ইয়াৰ পূৰ্বেও পাকিস্তানে বহুবাৰ ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে।তেওঁ লগতে কয়” সন্ত্ৰাসবাদীক মুক্ত ভাবে প্ৰশ্ৰয়, ধন যোগান, প্ৰশিক্ষণ দি আহিছে বুলি পাকিস্তানে আন্তৰ্জাতিক ভাবে সমালোচিত হৈ আহিছে।ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদে নিষিদ্ধ কৰা অধিকাংশ উগ্ৰবাদীয়েই আশ্ৰয় লৈ আছে পাকিস্তানত।”