বিহাৰত ধাৰাবাহিক ভাৱে সংঘটিত হৈ অহা বিষাক্ত সুৰাপানৰ ফলত হোৱা ট্ৰেজেডীক লৈ সৰৱ হৈ পৰিছে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৷ বিধানসভাৰ মজিয়াত ভাষণ প্ৰদান কৰি তেওঁ সুৰা সেৱন কৰা লোকসকলক “মহাপাপী” বুলি অভিহিত কৰি কয় যে বিষাক্ত সুৰা সেৱনৰ ফলত মৃত্যু হোৱা লোকসকলক সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ নহয় ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে মহাত্মা গান্ধীয়েও সুৰা সেৱনৰ বিৰোধিতা কৰিছিল আৰু যিসকলে এই নীতিৰ বিপৰীতে যায় তেওঁলোক হৈছে “মহাপাপী আৰু মহাঅযোগ্য”৷ “মই এই লোকসকলক ভাৰতীয় বুলি বিবেচনা নকৰোঁ,” – কুমাৰে কয়।তেওঁ কয় যে সুৰা সেৱন ক্ষতিকাৰক বুলি জানিও মানুহে বিষাক্ত সুৰা সেৱন কৰে ৷ সেয়েহে তেওঁলোক ইয়াৰ পৰিণামৰ বাবে দায়বদ্ধ, ৰাজ্য চৰকাৰে নহয়।তেওঁ কয়-“এয়া তেওঁলোকৰ দোষ। তেওঁলোকে বিষাক্ত হ’ব পাৰে বুলি জনাৰ পিছতো সুৰা সেৱন কৰে ৷“ বিহাৰ বিধানসভাত কালি এখন সংশোধনী বিধেয়ক উত্থাপন আৰু গৃহীত কৰাৰ পিছত কুমাৰে এই মন্তব্য কৰে ৷ এই নতুন আইনৰ জৰিয়তে সুৰা নিষেধাজ্ঞাৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে অপৰাধ কৰা সকলৰ বাবে শাস্তি কম কৰা হৈছে ৷
शराब पीने वाले @NitishKumar के अनुसार हिंदुस्तानी नहीं और वो महापापी और महाअयोग्य और उनके लिए कोई सहानुभूति नहीं @ndtvindia @Anurag_Dwary pic.twitter.com/bfTB4YU28w
— manish (@manishndtv) March 31, 2022
বিৰোধীৰ প্ৰশ্নৰ সঁহাৰি দি নীতিশ কুমাৰে যে বিহাৰত বিষাক্ত সুৰা ট্ৰেজেডী অব্যাহত আছে ৷ কাৰণ ৰাজ্য চৰকাৰে সুৰা নিষেধাজ্ঞা অইন কাৰ্যকৰী কৰাত ব্যৰ্থ হৈছে ৷ বিহাৰ নিষিদ্ধকৰণ আৰু আবকাৰী (সংশোধনী) বিধেয়ক, 2022-য়ে ৰাজ্যপালৰ অনুমোদন লাভ কৰাৰ পিছত, প্ৰথমবাৰৰ বাবে অপৰাধ কৰা লোকসকলে জৰিমনা জমা দিয়াৰ পিছত দণ্ডাধীশৰ পৰা জামিন লাভ কৰিব। অৱশ্যে, যদি ব্যক্তিজনে জৰিমনা পৰিশোধ কৰাত বিফল হয়, তেন্তে তেওঁক এক মাহৰ কাৰাদণ্ড বিহা হ’ব ৷২০২১ চনৰ শেষৰ ছয় মাহত ৬০ জনতকৈও অধিক লোকৰ বিষাক্ত সুৰা পাণ কৰি মৃত্যু হোৱাৰ পিছত মিত্ৰজোঁটৰ অংশীদাৰ বিজেপি আৰু বিৰোধী আৰজেডি দুয়োৰে আক্ৰমণৰ সন্মুখীন হৈছিল মুখ্যমন্ত্ৰী ৷