কৃষ্ণসাৰ মৃগৰ চোৰাং চিকাৰৰ গোচৰত জনপ্ৰিয় বলীউড অভিনেতা চলমান খানক প্ৰতিনিধিত্ব কৰা এজন অধিবক্তাই দাবী কৰিছে যে, তেওঁ লৰেন্স বিষ্ণোই দলৰ পৰা মৃত্যুৰ ভাবুকি পাইছে।
বৰ্তমান আৰক্ষীয়ে হস্তি মাল সাৰস্বতলৈ অহা এই ভাবুকি পত্ৰৰ সত্যতা নিৰ্ণয় কৰিবলৈ তদন্ত আৰম্ভ কৰিছে আৰু ইতিমধ্যে নিৰাপত্তাৰ বাবে তেওঁৰ সৈতে এজন আৰক্ষী মোতায়েন কৰিছে।
পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডত অভিযুক্ত লৰেন্স বিষ্ণোই বৰ্তমান পঞ্জাৱ আৰক্ষীৰ জিম্মাত আছে।
উল্লেখ্য যে,ইয়াৰ আগতে গেংমাষ্টাৰজনে চলমান খানক তেওঁৰ সম্প্ৰদায়ৰ দ্বাৰা পবিত্ৰ বুলি গণ্য কৰা কৃষ্ণসাৰ মৃগৰ চোৰাং চিকাৰৰ বাবে হত্যা কৰাৰ ভাবুকি দিছিল।
সাৰস্বতে তেওঁৰ অভিযোগত আৰক্ষীক কৈছিল যে উচ্চ ন্যায়ালয়ৰ জুবিলি চেম্বাৰৰ এটা দুৱাৰৰ নবত ৩ জুলাইত এই ভাবুকি পত্ৰ পোৱা গৈছিল, য’ত উকীলসকলৰ কাৰ্যালয় আছে।অভিযোগটোত কোৱা হৈছিল যে পত্ৰখনত লৰেন্স বিষ্ণোই আৰু তেওঁৰ সহায়ক গোল্ডি ব্ৰাৰৰ নামৰ আদ্যক্ষৰ আছিল।
ইয়াত কোৱা হৈছে যে উকীলজনৰো সিদ্ধু মুছেৱালাৰ দৰে ভাগ্য হ’ব কাৰণ ‘শত্ৰুৰ বন্ধু তেওঁলোকৰ প্ৰথম শত্ৰু’।
পত্ৰখন সাৰস্বতৰ সহকাৰী জীতেন্দ্ৰ প্ৰসাদে বিচাৰি পাইছিল আৰু তেওঁ অবিলম্বে উকীলক এই বিষয়ে অৱগত কৰিছিল। কিন্তু যিহেতু সাৰস্বত ভাৰতৰ বাহিৰত আছিল, তেওঁ আৰক্ষী আয়ুক্তক বিষয়টো সম্পৰ্কে অৱগত কৰিছিল। ইয়াৰ পিছত বুধবাৰে এখন এজাহাৰ দাখিল কৰা হৈছিল’।
ইতিমধ্যে আৰক্ষীয়ে চিঠিখনৰ সত্যতা অনুসন্ধান কৰি আছে আৰু ভাবুকিৰ প্রতি লক্ষ্য ৰাখি সাৰস্বতক নিৰাপত্তা দিয়াৰো ব্যৱস্থা কৰা হৈছে ।