কঠোৰ পৰিশ্ৰমৰ ফল সদায় মিঠা বুলি কোৱা হয় ৷ ইয়াৰে এটা জ্বলন্ত উদাহৰণ হৈছে ব্যৱসায়ী জয়ৰাম বানান ৷ এসময়ত হোটলত বাচন ধুই ১৮ টকা লাভ কৰা জয়ৰাম বানানে এতিয়া উপার্জন কৰে ৩০০ কোটি টকা ৷ অতি দৰিদ্ৰ ঘৰত জন্মলাভ কৰা জয়ৰাম বানানৰ কোটিপতি হোৱাৰ কাহিনীয়ে চিনেমাৰ কাহিনীৰ দৰেই ৷
জয়ৰামৰ জন্ম হৈছিল কৰ্ণাটকৰ মংগালুৰুৰ উডুপিত। দেউতাক আছিল ড্ৰাইভাৰ। তেওঁ এটা দুখীয়া পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। পঢ়া-শুনাত জয়ৰাম বৰ ভাল নাছিল। স্কুলৰ পৰীক্ষাত অনুত্তীর্ণ হ’লে দেউতাকে কঠোৰ শাস্তি দিব সেই ভয়েই তেওঁক ভৱিষ্যতৰ বাট দেখুৱাইছিল।
এবাৰ জয়ৰাম স্কুলৰ পৰীক্ষাত অনুর্ত্তীণ হয় । দেউতাকৰ পৰা শাস্তি লাভ কৰাৰ ভয়ত তেওঁ ঘৰৰ পৰা ওলাই আহিল। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১৩ বছৰ।১৮৬৭ চন দেউতাকৰ পকেটৰ পৰা কিছু পইচা লৈ জয়ৰামে মংগালুৰুৰ পৰা পোনে পোনে মুম্বাইলৈ বাছত উঠে। তেতিয়াৰ পৰাই আৰম্ভ হ’ল নিজৰ ভৰিৰ ওপৰত থিয় হোৱাৰ সংগ্ৰাম।
সেই সময়ত বহু লোক কৰ্মসূত্ৰে মুম্বাইলৈ গৈছিল। মানুহে কয়, মুম্বাই কেতিয়াও কাকো খালী হাত ঘূৰাই নিদিয়ে। ইয়াৰ ব্যতিক্ৰম নাছিল জয়ৰাম। যোদ্ধা হিচাপে জয়ৰামৰ জীৱন আৰম্ভ হৈছিল মুম্বাইত ভৰি দি। নিজৰ ভৰিৰ ওপৰত থিয় হ’বলৈ সেই সময়ত হোটেল এখনত কাম কৰিবলৈ আৰম্ভ কৰিছিল। সেই হোটেলখনত জয়ৰামে বাচন-বৰ্তন চাফা কৰিছিল। ইয়াৰ বাবে তেওঁ ১৮ টকা পাৰিশ্ৰমিক হিচাপে পাইছিল।
জয়ৰামে সেই হোটেলখনত প্ৰায় ৬ বছৰ কাম কৰিছিল। এই সময়ছোৱাত জয়ৰামৰ ‘প্ৰমোচন’ হৈছিল। বাচন-বৰ্তন চাফা কৰাৰ উপৰিও হোটেলখনত ‘ৱেইটাৰ’ (খাদ্য ডেলিভাৰী) হিচাপে কাম কৰে। পিছলৈ তেওঁ হোটেলখনৰ মেনেজাৰ হৈ পৰে।
হোটেলখনত কাম কৰি থাকোঁতে জয়ৰামে গম পালে যে মুম্বাইত এখন দক্ষিণ ভাৰতীয় ৰেষ্টুৰেণ্ট খোলা হৈছে। নিজে দক্ষিণ ভাৰতীয় হোৱাৰ বাবে তেওঁ এনে এখন ৰেষ্টুৰেণ্ট খোলাৰ পৰিকল্পনাও কৰিছে। কিন্তু মুম্বাইৰ সলনি তেওঁ দিল্লীলৈ গুচি গ’ল।
কিন্তু দিল্লীত তেওঁৰ পৰিকল্পনা প্ৰথমতে সফল নহ’ল। জয়ৰামে এখন নিৰামিষ ৰেষ্টুৰেণ্ট খুলিব বিচাৰিছিল। সেই সময়ত তেওঁৰ এজন ভাতৃয়ে দিল্লীৰ উডুপি ৰেষ্টুৰেণ্টত কাম কৰি আছিল। ১৯৭৪ চনত দিল্লীলৈ অহাৰ পিছত জয়ৰামে চেণ্ট্ৰেল ইলেক্ট্ৰনিকছৰ কেণ্টিনৰ নিবিদা লৈছিল।
ইয়াৰ পিছত জয়ৰামে ১৯৮৬ চনত দিল্লীৰ ডিফেন্স কলনীত নিজাকৈ ৰেষ্টুৰেণ্ট খুলিছিল। নাম দিয়া হৈছিল ‘সাগৰ’। যিখিনি সঞ্চয় আছিল সেইখিনিৰে তেওঁ প্ৰথমখন ৰেষ্টুৰেণ্ট খুলিছিল। সেই সময়ত বন্ধু-বান্ধৱী আৰু পৰিয়ালে সহায় কৰিছিল।
সেই সময়ত জয়ৰামে ৰেষ্টুৰেণ্টখনৰ ভাড়া দিব লগা হৈছিল। প্ৰতি সপ্তাহত ৩ হাজাৰ ২৫০ টকা দিব লাগিছিল। ৰেষ্টুৰেণ্টখনত ৪০ জন লোক একেলগে বহিব পাৰিছিল। প্ৰথম দিনাই তেওঁ ৪৮০ টকা বিক্ৰী কৰিছিল।
সেই সময়ত মানুহ দিল্লীত দক্ষিণ ভাৰতীয় খাদ্য খাবলৈ ‘উডলেণ্ড’, ‘দসপ্ৰকাশ’ ৰেষ্টুৰেণ্টলৈ গৈছিল। ইয়াৰ পাছতে তেওঁ কিনিলে ‘উডলেণ্ড’ ৰেষ্টুৰেণ্টখন। পিছত ৰেষ্টুৰেণ্টখনৰ নাম সলনি কৰি ‘সাগৰ ৰত্ন’ কৰা হয়। তাৰ পৰাই আৰম্ভ হ’ল ‘সাগৰ ৰত্ন’ ৰেষ্টুৰেণ্টৰ যাত্ৰা, যিয়ে পাছলৈ অপৰিসীম জনপ্ৰিয়তা লাভ কৰে। জয়ৰামক উত্তৰ ভাৰতৰ ‘দোছা ৰজা’ বুলি কোৱা হৈছিল।
জয়ৰামৰ উত্তৰ ভাৰতত ৫০টাতকৈও অধিক ৰেষ্টুৰেণ্টৰ শাখা আছে। এই ৰেষ্টুৰেণ্টখনৰ বিশ্বজুৰি ১০০টাতকৈও অধিক শাখা আছে। মাত্ৰ ১৮ টকাৰে উপাৰ্জন জীৱন আৰম্ভ কৰিছিল। সময়ৰ পাছত সেই জয়ৰাম এতিয়া কোটিপতি। ইমানবোৰ ৰেষ্টুৰেণ্টৰ বাবেই তেওঁৰ বাৰ্ষিক আয় ৩০০ কোটি।
তেওঁ ‘জোয়ৰাম বানান গ্ৰুপ’ৰ অধ্যক্ষ। এই সংস্থাটোৰ অধীনত আছে ৰেষ্টুৰেণ্ট, হোটেল, কেণ্টিন আদি।