২০২৩ বর্ষ অন্ত পৰিবলৈ মাজত মাথো এটা দিন বাকী ৷ বিভিন্ন ঘটনা-পৰিঘটনাৰে সমৃদ্ধ এই বছৰটো ৷ ২০২৩ বর্ষত গুগলত সর্বাধিক কোন তাৰকাক চার্চ বা সন্ধান কৰা হৈছিল জানেনে ? হাই প্ৰফাইল চেলিব্ৰিটিৰ সৈতে ভিডিঅ’ আৰু ফটো ভাইৰেল হোৱাৰ পিছত নিশাৰ ভিতৰতে বিখ্যাত হৈ পৰা অ’ৰী অথবা ক্ৰিকেটাৰ বিৰাট কোহলিৰ দৰে তাৰকা নহয় ৷ আশ্চৰ্যজনকভাৱে ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কোহলী শীৰ্ষ দহৰ ভিতৰতো স্থান নাপালে ৷
এই তালিকাত শীৰ্ষস্থান দখল কৰিছে বলীউডৰ অভিনেত্ৰী কিয়াৰা আদৱানীয়ে। অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে বিবাহত বহাৰ পাছত তেওঁৰ জনপ্ৰিয়তা অধিক বৃদ্ধি পাইছে ৷
ইয়াৰ পিছতে আছে ভাৰতৰ ক্ৰিকেট তাৰকা শুভমন গিল ৷ আশ্চৰ্যজনক তৃতীয় স্থানত আছে ভাৰতীয় মূলৰ নিউজিলেণ্ডৰ ক্ৰিকেটাৰ ৰচিন ৰবিন্দ্ৰ ৷ চতুৰ্থ স্থান দখল কৰিছে ২০২৩ চনৰ আইচিচি বিশ্বকাপৰ সমগ্ৰ সময়ছোৱাত নিজৰ ব্যতিক্ৰমী প্ৰদৰ্শনেৰে চর্চিত হোৱা ভাৰতীয় বেগী বলাৰ মহম্মদ শ্বামী।
শীৰ্ষ পাঁচটা স্থানৰ ভিতৰত আছে জনপ্ৰিয় ইউটিউবাৰ আৰু বিগ বছ অ’টিটিৰ দ্বিতীয় ছিজনৰ বিজয়ী এলভিছ যাদৱে। বাকী শীৰ্ষ দহৰ ভিতৰত আছে অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰা, অষ্ট্ৰেলিয়াৰ বেটছমেন গ্লেন মেক্সৱেল, ফুটবল আইকন ডেভিদ বেকহাম, ভাৰতীয় মিডল অৰ্ডাৰ বেটছমেন সূৰ্য্যকুমাৰ যাদৱ আৰু অষ্ট্ৰেলিয়াৰ বিশ্বকাপৰ নায়ক ট্ৰেভিছ হেড।