ৰাজস্থান, ভাৰতৰ এখন ঐতিহ্যমণ্ডিত ৰাজ্য যি পৰ্য্যটনৰ ক্ষেত্ৰত সমগ্ৰ বিশ্ব বিখ্যাৎ। এই ৰাজ্যখনত ইমানেই ঐতিহাসিক স্থান আছে যে যদি আপুনি ৰাজস্থান ভ্ৰমণ কৰিবলৈ ইচ্ছা কৰে তেন্তে এই ৰাজ্যখনৰ সকলো পৰ্য্যটনস্থলী ভ্ৰমণ কৰিবলৈ আপোনাক এমাহতকৈও হয়তো অধিক সময়ৰ প্ৰয়োজন হ’ব।
ৰাজস্থানৰ জলমহল এনে এখন ঠাই ৰাজস্থানৰ ইতিহাস বুকুত সাৱতি যি সগৌৰৱে থিয় দি আছে।
জয়পুৰত অৱস্থিত এই জলমহল। জানো আহক এই ৰাজপ্ৰসাদৰ ইতিহাস ।
আমেৰৰ মহাৰাজে ৩০০ বছৰ আগতে ১৭৯৯ চনত এই ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছিল। এই জলমহল নিৰ্মাণৰ আঁৰত আছিল এটা বিশেষ কাৰণ৷
যেতিয়া পঞ্চদশ শতিকাত অঞ্চলটোত দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল, তেতিয়া আমেৰৰ শাসকে পাহাৰৰ পৰা বৈ অহা পানী সংগ্ৰহ কৰিবলৈ ‘আমেৰ’ত মথাউৰি নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছিল আৰু আমগড়ত পানী নিষ্কাশনৰ বাবে পানীৰ তলত ৩খন আভ্যন্তৰীণ দুৱাৰ নিৰ্মাণ কৰি মনসাগৰ হ্ৰদ সৃষ্টি কৰিছিল।
এই হ্ৰদৰ সৌন্দৰ্য্য সেই সময়ৰ ৰজাসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল আৰু ৰজাসকলে প্ৰায়ে নাৱেৰে ইয়ালৈ আহিছিল। ৰাজা ছাৱাই জয় সিঙে অশ্বমেধ যজ্ঞৰ পিছত এই হ্ৰদৰ মাজত এটা ৰাজপ্ৰসাদ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয় যাতে তেওঁ নিজৰ ৰাণী আৰু পণ্ডিতসকলৰ সৈতে হ্ৰদৰ মাজত ৰাজস্নান কৰিব পাৰে।
এই হ্ৰদৰ মাজত নিৰ্মাণ কৰা এটি পাঁচ মহলীয়া অট্টালিকা এই জল মহল, যাৰ চাৰিটা মহলা পানীৰ তলত আৰু এটা মহলা পানীৰ ওপৰত দেখা যায়।
গতিকে যদি আপুনিও এই ঐতিহাসিক ঠাইৰ প্ৰতি আকৰ্ষিত তেন্তে ইয়ালৈ আহি উপভোগ কৰিব পাৰে ইয়াৰ অপৰূপ সৌন্দৰ্য্যৰাজি৷
দিল্লীৰ পৰা জয়পুৰলৈ স্থলপথেৰে বহুতো আন্তঃৰাজ্যিক বাছ চলে। ইয়াৰ উপৰিও প্ৰতিখন ৰাজ্যৰ পৰা জয়পুৰলৈ ৰে’ল পৰিবহন ব্যৱস্থাও আছে। ব্যক্তিগত বাহনেৰেও অৱশ্যেই যাব পাৰি জয়পুৰলৈ ।
জয়পুৰ ভ্ৰমণৰ বাবে উত্তম সময় হ’ল নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈ।
জলমহলৰ বাহিৰেও জয়পুৰৰ আন আন আকৰ্ষণ সমূহ হ’ল হাৱা মহল, আমেৰ গড়, নাহৰগড় দুৰ্গ আদি।