১২ টা সংখ্যাযুক্ত আধাৰ কাৰ্ড বৰ্তমান সকলো ভাৰতীৰে প্ৰাথমিক পৰিচয় পত্ৰ। ভাৰত চৰকাৰে শেহতীয়াভাবে শিশুৰ বাবেও আধাৰ কাৰ্ড নিৰ্মাণ কৰাৰ ব্যৱস্থা হাতত লৈছে।
আধাৰ কাৰ্ডৰ আবেদন দাখিলৰ নিয়মাৱলী সাধাৰণ আধাৰ সৈতে একেই। ৰঙৰ বাহিৰে অন্য একো পাৰ্থক্য নাই। নীলা ৰঙী এই আধাৰ কাৰ্ডক ” বাল আধাৰ” হিচাপে অভিহিত কৰা হৈছে।
নীলা ৰঙী আধাৰ কাৰ্ডখন ৫ বছৰৰ তলৰ বয়সৰ শিশুৰ বাবেহে প্ৰযোজ্য হ’ব। ৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে এই কাৰ্ডখনৰ বয়স উকলিব।
শিশুৰ আধাৰ কাৰ্ডৰ আবেদনৰ বাবে জন্ম প্ৰমাণ পত্ৰ বা হস্পিতালৰ ছুটিৰ বিলখন জমা দিব লাগিব।
৫ বছৰ বয়সত নীলা আধাৰৰ বয়স উকলি যোৱাৰ লগে লগে শিশুৰ আঙুলিৰ চাপ আৰু চকুৰ চাপ সংগ্ৰহ কৰা হ’ব। পিছত শিশুৰ ১৫ বছৰ বয়স সম্পূৰ্ণ হ’লে এইবাৰ চাপ পুনৰ সংগ্ৰহ কৰিব।