প্ৰতিটো মাহতে বৃদ্ধি হৈছে বিভিন্ন সামগ্ৰীৰ মূল্য ৷ পাইকাৰী মূল্যবৃদ্ধি যোৱা মাৰ্চত বিগত চাৰি মাহৰ ভিতৰত সৰ্বোচ্চ ১৪.৫৫ শতাংশলৈ বৃদ্ধি হৈছে ৷ফেব্ৰুৱাৰীত এই হাৰ আছিল ১৩.১১ শতাংশ । মূলতঃ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ দাম বঢ়াৰ বাবে বাবে এই বৃদ্ধি হৈছে ৷
বাণিজ্য মন্ত্ৰালয়ৰ মতে, ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত বিশ্বব্যাপী যোগান শৃংখলা ব্যাহত হোৱাৰ ফলত অশোধিত আৰু পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে।প্ৰকৃতার্থত যোৱা মাৰ্চত পাইকাৰী মূল্যবৃদ্ধিৰ হাৰ বিগত বর্ষৰ মার্চৰ তুলনাত দুগুণলৈ বৃদ্ধি হৈছে ৷ যোৱা মার্চত এই হাৰ ১৪.৫৫ শতাংশলৈ বৃদ্ধি পোৱাৰ সময়তে বিগত বর্ষৰ মাৰ্চত ইয়াৰ পৰিমান আছিল ৭.৮৯ শতাংশ ৷
পাইকাৰী মুদ্ৰাস্ফীতি, যাক পাইকাৰী মূল্য সূচকত (ডব্লিউপিআই) জোখা হয় ৷ ডিচেম্বৰত এই হাৰ আছিল ১৪.২৭ শতাংশ । জানুৱাৰীত ই ১৩.৬৮ শতাংশলৈ আৰু তাৰ পিছত ফেব্ৰুৱাৰীত ১৩.১১ শতাংশলৈ হ্ৰাস পাইছিল। অৱশ্যে মাৰ্চ মাহত খাৰুৱা তেল আৰু অন্যান্য প্ৰাথমিক সামগ্ৰীৰ বৰ্ধিত মূল্য বাবে ই তীব্ৰভাৱে বৃদ্ধি পাইছে।যোৱা ফেব্ৰুৱাৰীৰ তুলনাত ২০২২ চনৰ মাৰ্চ মাহত খাৰুৱা পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছৰ ২১.১৮ শতাংশ, খনিজ পদাৰ্থ ৯.৭২ শতাংশ আৰু অনা-খাদ্য সামগ্ৰীৰ ২.৯৪ শতাংশ মূল্য বৃদ্ধি হৈছে ।