বলীউদ জগতৰ এগৰাকী জনপ্ৰিয় তাৰকা যি গৰাকী তাৰকা বলীউডৰ মিষ্টাৰ পাৰফেকচনিষ্ট হিচাপে বিখ্যাত ৷কিন্তু এইগৰাকী জনপ্ৰিয় তাৰকাৰ শৈশৱৰ কাহিনীয়ে হয়তো ব্যথিত কৰিব আপোনাক ৷
সেই জনপ্ৰিয় অভিনেতা গৰাকী কোন জানেনে ? তেওঁ হ’ল বলীউড জগতৰ এগৰাকীপ সফল তথা জনপ্ৰিয় অভিনেতা আমিৰ ৷ সংবাদ মাধ্যমৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি আমিৰ খান ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোনে ৬টকা মাচুল দিয়াৰো সামৰ্থ নাছিল তেওঁৰ পিতৃ তাহিৰ খানৰ ৷
বৰ্তমান সময়ত এইজন তাৰকাই নিজৰ কৰ্মৰে মানুহৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছে। অভিনয় দক্ষতাৰ বাবে আমিৰ খানে চলচ্ছিত্ৰ জগতক বহু জনপ্ৰিয় ছবি উপহাৰ দিছে, যাৰ বাবে তেওঁক মিষ্টাৰ পাৰফেকচনিষ্ট বুলি কোৱা হয়।
আজি আমিৰ খানৰ হাতত সকলো আছে, ধন-সম্পত্তি আৰু খ্যাতি যি শৈশৱত অৱশ্যেই নাছিল। শেহতীয়াকৈ আমিৰ খানে তেওঁৰ এক সাক্ষাৎকাৰত নিজৰ শৈশৱৰ দিনবোৰৰ স্মৃতি ৰোমন্থন কৰি কৈছিল যে এটা সময় আছিল যি সময়ত তেওঁৰ পিতৃৰ হাতত আমিৰৰ স্কুলৰ মাচুল দিবৰ বাবেও ধন নাছিল৷
সাক্ষাৎকাৰত শৈশৱৰ দিনবোৰ সুঁৱৰি তেওঁ আৱেগিক হৈ পৰিছিল আৰু কৈছিল যে সেই সময়ত তেওঁলোকৰ পৰিয়ালটো বহু কষ্টৰ সন্মুখীন হৈছিল৷
পিতৃৰ সংগ্ৰামৰ কথা মনত পেলাই আমিৰ খানে কয় যে এটা সময় আছিল যেতিয়া তেওঁৰ পিতৃ-মাতৃয়ে তেওঁৰ স্কুলৰ মাচুল দিব পৰা নাছিল। যি সময়ত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ মাচুল মাত্ৰ ছয় টকা আছিল আৰু সেইখিনিও পৰিশোধ কৰাটো তেওঁৰ পৰিয়ালৰ ক্ষমতাৰ ভিতৰত নাছিল।
আমিৰ খানে কয় যে সকলোৱে ভাবে যে যদি তেওঁ এজন প্ৰযোজকৰ পুত্ৰ তেন্তে তেওঁ নিশ্চয় ধনী। কিন্তু সত্যটো হ’ল সেই সময়ৰ প্ৰযোজকসকল ধনী নাছিল।
পিতৃ তাহিৰ হুছেইনৰ বেয়া সময়বোৰৰ কথা ব্যক্ত কৰি আমিৰ খানৰ চকু সেমেকি উঠিছিল। তেওঁ লগতে কৈছিল যে সেই সময়ত আটাইতকৈ কঠিন কামটো আছিল যে দেউতাকক কঠোৰ পৰিশ্ৰম দেখিও তেওঁ একো কৰিব পৰা নাছিল।
তেওঁ কয় যে সেই সময়ত তেওঁৰ দেউতাক অতি ব্যৱসায়িক মনোভাৱৰ আছিল আৰু যি উপাৰ্জন কৰিছিল, সেই উপাৰ্জন তেওঁ ছবিত বিনিয়োগ কৰিছিল।
আজি এইগৰাকী আমিৰ খান হয়তো চলচ্ছিত্ৰ উদ্যোগৰ এগৰাকী অন্যতম চহকী অভিনেতা আৰু তেওঁৰ সম্পত্তি ৩০০ কোটিতকৈও অধিক কিন্তু সেয়া নিশ্চিত যে সংগ্ৰাম আৰু কষ্ট কি সেয়া তেওঁ শৈশৱৰ অভিজ্ঞতাৰ পৰাই শিকিছিল৷ সেয়েহে হয়তো তেওঁ যিকোনো কামেই অতি মনোযোগেৰে কৰে আৰু লাভ কৰে দৰ্শকৰ সমাদৰ ।