জীৱন জিজ্ঞাসাৰ প্ৰতিটো পল অনুপল প্ৰতিজন অসমীয়াৰ হৃদয়ত এটি সেউজীয়া সুৰ হৈ বাজি থকা এইজন আমাৰ সকলোৰে হিয়াৰ আমঠু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ। ভোলাগুৰি চাহবাগিচাৰ শিৰাই উপশিৰাই প্ৰবাহিত হৈ থকা এই মানুহ জন আমাৰ প্ৰতিজন অসমীয়াৰ বৰ মৰমৰ।হয়, সেই জনেই আমাৰ জ্যোতি ককাইদেউ, আপোনাৰ, মোৰ, সকলোৰে প্ৰাণৰো প্ৰাণ হৃদয়ৰ এৰাব নোৱাৰা টান। ককাদেউৱে সপোন দেখিছিল, আমাৰ দেশৰ সু সংস্কৃতিৰ সপোন, মানুহ গঢ়াৰ সপোন। তেওঁ গাইছিল—-
‘কোন কোন আহিছা
আইক পূজিবলৈ
আইৰ পূজাৰ বেলি হ’ল
আইৰ পূজাৰ বেলি হ’ল সমনীয়া অ’
আইৰ পূজাৰ বেলি হ’ল’
——————-
জ্যোতি ককাইদেৱে কৈছিল ‘ৰূপান্তৰেহে সমাজ গঢ়ে । এই ৰূপান্তৰ সংস্কৃতিৰ, ৰাজনীতিৰ সমাজনীতিৰ’। তেওঁ আৰু কৈছিল –‘সম্পদ আমাৰ হাততে আছে আৰু সেয়াই হ’ল গাৱে ভূঞে সোমাই থকা লোক কৃষ্টি বোৰ’ । সেই কৃষ্টি সমূহৰ বিকাশ জ্যোতি ককাইদেউৰ জীৱনৰ আছিল এক সপোন । সেয়ে তেওঁ গাইছিল——
গাৱঁৰ ল’ৰা গাঁৱে গাঁৱে
বন্তি জ্বলাই যাম
আমি গাঁৱৰ লৰা
গাঁৱলীয়া ছোৱালী
শেৱালি মই নেৱালি —
অকল সেয়াই নে? কাণি বৰবিহে ধ্বংস কৰি পেলোৱা সমাজ খনক নতুনকৈ গঢ় দিবলৈ উদাত্ত কণ্ঠে ককাইদেৱে চিঞৰি চিঞৰি আহ্বান জনায় কৈছিল—
‘জননীৰ সন্তান জাগা
জাগা শক্তিমান জাগা মুক্তি প্ৰাণ’
জ্যোতি ককাইদেৱে বিদেশত চিনেমাৰ প্ৰশিক্ষণ লৈ ঘৰলৈ ঘুৰি আহিছিল । কলিকতা, বোম্বাইৰ পৰা অনুৰোধ আহিল চিনেমা কৰাৰ। কিন্তু ককাইদেউৰ ইচ্ছা অসমত থাকি অসমীয়া চিনেমা কৰাৰ। আৰম্ভ কৰিলে ‘জয়মতী’।
——
লুইতৰে পানী যাবি অ’ বৈ
সন্ধিয়া লুইতৰ পানী সোণোৱালী
চহৰে নগৰে যাবি অ’ বৈ
জয়াৰে কীৰিতি দেশে-বিদেশে
সাগৰে-নগৰে ফুৰিবি কৈ
এই জনেই জ্যোতিপ্ৰসাদ। কি নাছিল তেওঁ ? কবি, সাহিত্যিক, সংগীতজ্ঞ, নাট্যকাৰ, বোলছবি নিৰ্মাতা আৰু যে কত কি!সাহিত্য-সংস্কৃতিলৈ আগ বঢ়োৱা অনবদ্য অবদানৰ বাৱে ৰূপকোঁৱৰ উপাধিৰে বিভূষিত হৈ সাধনাৰ বন্তি হাতত লৈ জগত খনকে সম্বোধিবলৈ সদা প্ৰস্তুত আছিল জ্যোতি প্ৰসাদ, অসমীয়া ছোৱালীক সম্বোধি তেওঁ কৈছিল——
আবৃত্তি—–
শুৱনি প্ৰকৃতি শুৱাই থকা
অসম দেশৰ ছোৱালী অ’
তই পাচে পৰি পৰি থাক কিয়?
অসম দেশৰ ছোৱালী অ’।
ভাৰত বৰিষ বিয়পি জ্বলিছে
যুঁজৰ অগনি শিখা
অসমী তই টোপনি নেৰিলে
কিনো ভাইগৰ লিখা——
জ্যোতি প্ৰসাদৰ কালজয়ী সৃষ্টিৰ পটভূমিতে আছে সঁচা মানুহৰ এখন সুন্দৰ পৃথিৱী——
গীত—-
আইদেউৰে বুলনিতে
পোহৰৰে ধেমালি
ন-চানেকিয়ে জিকেমিকায়
ন-চানেকিয়ে জিকে মিকায়
জোনাকী বাটেদি চিত্ৰলেখীয়ে
ন-জীৱনৰে ফুলে ফুলায়,
ন-জীৱনৰে ফুলে ফুলায়।
আইদেউৰে বুলনিতে—-
স্বাধীনতা আন্দোলনৰ সময় । বৃটিছৰ বিৰুদ্ধে জাতিৰ পিতাই ঘোষণা কৰিলে জেহাদ।কৰিম কিম্বা মৰিম পণেৰে ৰাজ পথলৈ ওলাই আহিল হাজাৰ হাজাৰ জনতা।ৰাষ্ট্ৰ বিৰোধী কামত লিপ্ত থকাৰ অজুহাতত ইংৰাজ চৰকাৰে জ্যোতিপ্ৰসাদক কাৰাগাৰলৈ পঠোৱাৰ সময়ত কবিতাৰে জ্যোতি ককাইদেৱে নিজৰ পৰিচয় দিছিল এনেদৰে —
‘তেওঁ প্ৰথমতে অসমীয়া দ্বিতীয়তে ভাৰতীয় আৰু তৃতীয়তে বিশ্বনাগৰিক’।
জ্যোতি প্ৰসাদৰ জীৱনৰ লক্ষ্যই আছিল সুন্দৰৰ সাধনা।
তেওঁ কৈছিল–
‘সুন্দৰে যে ফুলাৰ মন্ত্ৰ
অহোৰাত্ৰি মাতে
সেয়েহে আজি ইমান ফুল
প্ৰভাতে প্ৰভাতে’৷
হে সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ তোমাক শতকোটি প্ৰণাম!
‘মোৰে ভাৰতৰেৃ
মোৰে সপোনৰে
চিৰ সুন্দৰ সংস্কৃতি
জনগন মন মুকুতি
প্ৰণতি প্ৰণতি
প্ৰণতি প্ৰণতি
প্ৰণতি প্ৰণতি’