বিশ্বৰ সাতখন মহাদেশৰ অন্যতম ইউৰোপ মহাদেশ ৷ এই মহাদেশৰ বিভিন্ন দেশসমূহৰ সৌন্দৰ্য্যই সদায়েই আকৰ্ষিত কৰে পৰ্য্যটকসকলক । বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকসকলে এবাৰ হ’লেও ইউৰোপ ভ্ৰমণ কৰিবলৈ ইচ্ছা কৰে। এই ইউৰোপত আছে পৰ্যটকৰ বাবে বহুতো আচৰিত তথা আকৰ্ষণীয় পৰ্যটন স্থান ।
কিন্তু এনে নহয় যে ইউৰোপৰ সকলো ঠায়েই নিৰাপদ বা সেই ঠাইবোৰত কোনো বিপদ-বিঘিনি নাই। ইউৰোপতো এনে বহু ঠাই আছে যি সমূহ স্থানক বিপজ্জনক আৰু অসুৰক্ষিত বুলি গণ্য কৰা হয় আৰু সেয়েহে কুখ্যাত ইউৰোপ মহাদেশৰ এই সমূহ ঠাই । সেয়েহে এই স্থানসমূহ ভ্ৰমণ কৰাৰ সময়ত অৱলম্বন কৰিব লগীয়া হয় অতিৰিক্ত সাৱধানতা ।
অৱশ্যে আশ্চৰ্য্জকৰ কথা যে অসুৰক্ষিত আৰু বিপজ্জনক হোৱাৰ পিছতো পৰ্যটকসকলক এই স্থানসমূহে সদায়েই আকৰ্ষণ কৰে ৷ ইউৰোপৰ এনে তিনিখন অসুৰক্ষিত আৰু বিপদজনক ঠাই হ’ল-
ইটালীৰ ফ্ল’ৰেন্স, স্কটলেণ্ডৰ গ্লাছগো, আৰু ইস্তানবুলৰ তুৰ্কি৷
ইটালীৰ এখন বিখ্যাত চহৰ ফ্ল’ৰেন্স যি চহৰ হ’ল ইউৰোপৰ অন্যতম পৰ্য্যটনস্থলী ৷ইয়াৰ চহকী শিল্প আৰু সংস্কৃতিয়ে পৰ্যটকক সদায়েই আকৰ্ষণ কৰে।প্ৰতিবছৰেই এই চহৰলৈ আগমন ঘটে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লক্ষ লক্ষ পৰ্যটকৰ । কিন্তু পৰ্যটকৰ বাবে অসুৰক্ষিত আৰু বিপজ্জনক এই ঠাইখন কাৰণ ইয়াত আছে যাৰ বাবে বৃহৎ সংখ্যক পকেট মাৰ যাৰ বাবে এই ঠাইখন বৰ্তমান সময়ত কিছু অসুৰক্ষিত হৈ পৰিছে।সেয়েহে পৰ্য্টক সকলে নিজৰ বয়-বস্তুৰ লগতে ডেবিটকাৰ্ড আৰু ক্ৰেডিট কাৰ্ডৰো বিশেষ যত্ন ল’ব লাগে এইখন চহৰত অন্যথা হঠাৎ সেইবোৰ চুৰি হোৱাৰ সম্ভাৱনাই অধিক। যদিও এই চহৰখন কম হিংসাত্মক আৰু ইয়াত অপৰাধৰ হাৰো কম তথাপিও দিনকদিনে এইখন চহৰত বৃদ্ধি পাইছে চুৰিৰ সমস্যা ।
গ্লাছগো, স্কটলেণ্ডৰ অতি ধুনীয়া ঠাই । স্কটলেণ্ডৰ আটাইতকৈ ডাঙৰ এই চহৰখন চাবলৈ আগমণ ঘটে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ। যি চহৰত পৰ্যটকসকলে পাব পাৰে প্ৰাচীন তথা আধুনিক সংস্কৃতিৰ আভাস । কিন্তু অপৰাধৰ সংখ্যা আৰু হত্যাৰ হাৰ বেছি বাবে এই চহৰখন অসুৰক্ষিত আৰু বিপদজনক।
তুৰ্কিত অৱস্থিত ইস্তানবুল চহৰ যি হ’ল এক জনপ্ৰিয় পৰ্যটন স্থলী। ইউৰোপ আৰু এছিয়াৰ সংযোগস্থলত অৱস্থিত এই চহৰখন ইয়াৰ চহকী ইতিহাস আৰু সংস্কৃতিৰ বাবে বিখ্যাত। ইয়াৰ পৰ্যটনস্থলী সমূহে পৰ্যটকসকলক মন্ত্ৰমুগ্ধ কৰে। কিন্তু অপৰাধৰ বাবে এই চহৰখনক অসুৰক্ষিত আৰু বিপজ্জনক বুলি গণ্য কৰা হয়। অৱশ্যে অসুৰক্ষিত হ’লেও এইখন চহৰলৈ প্ৰতিবছৰে আগমন ঘটে দেশ-বিদেশৰ বহু পৰ্যটকৰ ।