এজন মানুহ হিচাপে সুখ-দুখ,হাঁহি-কান্দোন,খং-অভিমান এই সকলোধৰণৰ আবেগেই আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ ৷ কোনোবা নহয় কোনোবা সময়ত আমাৰ মনত এই আৱেগসমূহে ক্ৰিয়া কৰে। কেতিয়াবা হয়তো সৰু সৰু কথাক লৈ আৰু কেতিয়াবা ডাঙৰ ডাঙৰ সমস্যাৰ বাবে আমি আৱেগিক হৈ পৰোঁ অৰু খঙত কি কৰিম কি নকৰিম একো যেন বাট নেদেখা হওঁ।
কিন্তু আপুনি বাৰু কেতিয়াবা ভাবিছেনে যে আমাৰ কিয় খং উঠে?
আচলতে আমাৰ শৰীৰত কিছুমান এনে হৰম’ন আছে যিবোৰ আমাৰ খঙৰ কাৰক৷
যেতিয়াই আমি খং অনুভৱ কৰোঁ তেতিয়াই আমাৰ শৰীৰৰ দুই প্ৰধান হৰম’ন এড্ৰিনেলিন আৰু কৰ্টিছলে ডাঙৰ ভূমিকা পালন কৰে। যেতিয়া আমি কিবা এটা বিষয়ত অতি মানসিক চাপ অনুভৱ কৰোঁ বা কোনো কঠিন পৰিস্থিতিত পৰোঁ তেতিয়াই আমাৰ শৰীৰে এই হৰম’নবোৰ নিৰ্গত কৰে। এড্ৰিনেলিন আৰু কৰ্টিছলৰ এই নিৰ্গমনৰ ফলত আমাৰ হৃদস্পন্দন দ্ৰুত হয়, পেশীবোৰ টান হৈ পৰে আৰু তাৰ পিছত আমাৰ খং উঠে আৰু খঙত অতীষ্ঠ হৈ আমি কেতিয়াবা নকৰিবলগীয়া কামো কৰি পেলাওঁ ।
যেতিয়াই খং উঠে দীঘলকৈ উশাহ লওক: যেতিয়াই আপোনাৰ খং উঠে তেতিয়াই ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ গভীৰভাৱে আৰু লাহে লাহে উশাহ ল’বলৈ চেষ্টা কৰক যাৰ ফলত আপোনাৰ মনটো শান্ত হ’ব আৰু আপুনি ভালকৈ চিন্তা কৰিবলৈ সক্ষম হ’ব। কাৰণ খঙে মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলায়।সেয়েহে যেতিয়াই অনুভৱ কৰে যে আপোনাৰ খং নিয়ন্ত্ৰণাধীন হৈ থকা নাই তেতিয়াই দীঘলকৈ এটা উশাহ লওক আৰু আপোনাৰ খং নিয়ন্ত্ৰণ কৰক ।
ব্যায়ামঃ নিয়মিত ব্যায়াম কৰিলে শাৰীৰিক স্বাস্থ্যৰ উন্নতি হোৱাই নহয়, মানসিক চাপ হ্ৰাস পোৱাৰ লগতে অধিক শান্ত হৈ থাকিব পাৰিব আপুনি।
সমস্যাৰ সমাধান কৰক: আমাৰ সকলোৰে খং উঠাৰ আঁৰত কিবা নহয় কিবা কাৰণ থাকে। সেয়েহে সেই সমস্যা সমাধান কৰাৰ চেষ্টা কৰক।
ধ্যান আৰু যোগ: ধ্যান আৰু যোগৰ অভ্যাসে আমাৰ মন শান্ত কৰে আৰু আৱেগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ দ্বাৰা আমি আমাৰ খং আৰু অন্যান্য আৱেগসমূহকো সহজেই নিয়ন্ত্ৰণ কৰিব পাৰো।