যোৱা তিনিমাহত পাকিস্তানত শিখসকলৰ ওপৰত চাৰিটাকৈ মাৰাত্মক আক্ৰমণ সংঘটিত হৈছে। এনে পৰিস্থিতিত নতুন দিল্লীয়ে সোমবাৰে নতুন দিল্লীস্থিত পাকিস্তান উচ্চায়ুক্তৰ এজন উচ্চ পদস্থ কূটনীতিবিদক তলব কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
বিগত কিছুদিনত পাকিস্তানৰ খাইবাৰ-পাখতুনখোৱা প্ৰদেশৰ ৰাজধানী পেছাৱৰত দুজন শিখ লোক আক্ৰমণ কৰা হৈছে। ইয়াৰে এজন চিকিৎসক ৷ তেওঁক গুলীয়াই হত্যা কৰা হৈছিল। দ্বিতীয়জন ব্যক্তি আছিল এজন ব্যৱসায়ী। নাম মনমোহন সিং। শুকুৰবাৰে নিশা পেছাৱৰত আন এজন শিখ ব্যৱসায়ীক আক্ৰমণ কৰা হয়। তেওঁ কষ্টেৰে বাচিল।
আফগান সীমান্তৰ পেছাৱাৰত কেইবাহাজাৰ শিখ লোকে বাস কৰে। পাকিস্তানী সংবাদ মাধ্যমৰ এটা অংশই দাবী কৰিছে যে আই এছ খোৰাছান উগ্ৰপন্থীয়ে সীমান্তৰ সিপাৰে এই আক্ৰমণ চলাই আছে। শিখৰ সামাজিক সংগঠন “ইউনাইটেড শিখ”-এ কয় যে তেওঁলোকে পাকিস্তানৰ দূতাবাসৰ সৈতে সংখ্যালঘুৰ নিৰাপত্তাৰ বিষয়ে কথা পাতিব। প্ৰসংগক্ৰমে ২০১৮ চনত শিখ সম্প্ৰদায়ৰ বিশিষ্ট নেতা চৰণজিৎ সিঙক পেছাৱৰতেই দুষ্কৃতিকাৰীয়ে হত্যা কৰিছিল। ইয়াৰ দুবছৰৰ পাছত ২০২০ চনত এজন বাতৰি পৰিবেশক বিন্দৰ সিংক হত্যা কৰা হয়। ২০১৬ চনত পেছাৱৰত পাকিস্তান তেহৰিক-ই-ইনছাফ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য সুৰেন সিঙকো গুলীয়াই হত্যা কৰিছিল।