বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ পাছতে ৰাজ্য চৰকাৰৰ চাকৰি নিযুক্তিৰ এক বৃহৎ কেলেংকাৰী পোহৰলৈ আহিছিল ৷ কিদৰে একাংশ বিজেপি নেতাই চাকৰিৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰিছিল সেয়াও পোহৰলৈ আহিছিল ৷ কিন্তু ৰহস্যজনকভাৱে থমকি ৰ’ল ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ তদন্ত ৷
আৰক্ষীৰ শিথিলতাৰুযোগ লৈয়েই লাহে লাহে এজনৰ পাছত আন এজন অভিযুক্ত ওলাল মুকলি আকাশৰ তললৈ। ঘটনাত অভিযুক্ত অনুৰাগ চলিহা, দ্বিবন ডেকাও জে’লৰ পৰা মুক্তি পালে ৷ ৰেখান্ত দাস, তৃষ্ণা শৰ্মাও বৰ্তমান মুকলি আকাশৰ তলত ৷
ঘটনাৰ ৬০ দিনৰো অধিক সময় অতিক্ৰম কৰাৰ পাছতো আৰক্ষীয়ে লাভ নকৰিলে ফৰেনছিকৰ প্ৰতিবেদন। যাৰ বাবেনির্ধাৰিত সময়ৰ ভিতৰত চাৰ্জশ্বীট দাকঘিল কৰিব নোৱাৰিলে আৰক্ষীয়ে। ৬০ দিনৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিব লাগিছিল আৰক্ষীয়ে। ফৰেনছিকৰ প্ৰতিবেদন আৰু চাৰ্জশ্বীট দাখিল কৰিব নোৱাৰাৰ বাবেই চাৰি অভিযুক্তই জামিন লাভ কৰিবলৈ সক্ষম হৈছে ।
আনহাতে গোচৰটোত নাম সাঙোৰ খাই পৰা আন অভিযুক্তসকলক গ্ৰেপ্তাৰৰ ক্ষেত্ৰতো আৰক্ষী ব্যর্থ হ’ল ৷ চাকৰি কেলেংকাৰীৰ মূল অভিযুক্ত অভিমন্যু দাসৰ। সন্ধান উলিওৱাত সম্পূৰ্ণ ব্যৰ্থ হ’ল মহানগৰ আৰক্ষী। সমান্তৰালভাৱে অন্যতম মাষ্টাৰ মাইণ্ড কুলদ্বীপ দাসো বৰ্তমান পলাতক।এই কেলেংকাৰীত বিজেপিৰ একাঁশ শীর্ষ নেতাৰ নাম সাঙোৰ খাই পৰিছিল ৷ যাৰ বাবেই যেন থমকি ৰৈছে গোচৰটোৰ তদন্ত ৷