সোমবাৰে জলন্ধৰৰ শ্বেৰপুৰ গুলিন্দ গাঁৱৰ ওচৰৰ বনাঞ্চলত অচিনাক্ত ব্যক্তিয়ে স্থাপন কৰা জালৰ পৰা বন্যপ্ৰাণী বিভাগৰ এটা দলে এটা ৭ বছৰীয়া মতা নাহৰফুটুকী বাঘ উদ্ধাৰ কৰে।
বন্যপ্ৰাণী বিভাগে শ্বেৰপুৰ গুলিন্দ গাঁৱৰ ওচৰৰ চো বেংকৰ বনসদৃশ এলেকাত এটা নাহৰফুটুকী বাঘ আৱদ্ধ হৈ থকাৰ আগতীয়া সম্ভেদ পোৱাৰ লগে লগেই আৰু বন্যপ্ৰাণী পৰিসৰ বিষয়া , দাসুৱা, হৰজিন্দৰ সিং আৰু জলন্ধৰৰ বন পৰিসৰ বিষয়া যশৱন্ত সিঙকে ধৰি উদ্ধাৰকাৰী দলটো তৎক্ষণাৎ উক্ত স্থানত উপস্থিত হৈছিল ।
দলটোৱে বনাঞ্চলত অচিনাক্ত ব্যক্তিৰ দ্বাৰা ৰখা তাঁৰত আৱদ্ধ এটা নাহৰফুটুকী বাঘৰ সন্ধান পাইছিল। আনহাতে পশু চিকিৎসা বিষয়া হৰচিমৰণ কৌৰক নাহৰফুটুকী বাঘটোক ট্ৰেংকুলাইজ কৰিবলৈ মাতি অনা হৈছিল আৰু তেওঁৰ তত্বাৱধানত নাহৰফুটুকী বাঘটোক ট্ৰেংকুলাইজ কৰি ফান্দৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল বনবিভাগৰ উদ্ধাৰকাৰী দলটো।
বিভাগীয় বন বিষয়া গুৰচৰণ সিঙে সংবাদমাধ্যমক জানিবলৈ দিয়া মতে এইটো সাত বছৰীয়া এটা মতা নাহৰফুটুকী বাঘ আছিল যাৰ ওজন হ’ল প্ৰায় ৬৫ ৰ পৰা ৭০ কিলোগ্ৰাম । পশু চিকিৎসা বিষয়াৰ দ্বাৰা পৰীক্ষা কৰাৰ পিছত, নাহৰফুটুকী বাঘটোক হোচিয়াৰপুৰ ৰেঞ্জৰ অৰণ্যত এৰি দিয়া হৈছে। ৰেঞ্জ বিষয়াজনক অতি শীঘ্ৰেই ফান্দ তৈয়াৰ কৰা অভিযুক্তক বিচাৰি উলিয়াবৰ বাবে তদন্ত অৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু অভিযুক্তৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বিষয়াজনে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।