শাহু আৰু স্বামীক নৃশংসভাৱে হত্যা কৰি টুকুৰা টুকুৰ কৰা গোচৰৰ মূল অভিযুক্ত বন্দনা কলিতা আৰু তেওঁৰ দুই সহযোগীয়ে জামিন লাভ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ নির্ধাৰিত সময়ৰ ভিতৰত পূর্ণাংগ অভিযোগনামা তদন্তকাৰী আৰক্ষীয়ে দাখিল কৰাত ব্যৰ্থ হোৱাৰ বাবেই বন্দনা আৰু তেওঁৰ দুই সহযোগীয়ে জামিন লাভ কৰা কৰে ৷ প্ৰথমে অৰূপ ডেকাই গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন লাভ কৰে ৷পূর্ণাংগ চার্জশ্বীট দাখিল নকৰা আৰু তদন্ত সম্পূর্ণ নোহোৱাৰ বাবে অৰূপে জামিন লাভ কৰে ৷ ইয়াৰ পাছতে শেহতীয়াকৈ সত্ৰ ন্যায়াধীশৰ আদালতে বন্দনা আৰু ধনটিৰ জামিন মঞ্জুৰ কৰে ৷ ইয়াৰ পাছতে তেওঁলোক মুকলি আকাশৰ তললৈ ওলাই আহে ৷ তেওঁলোকৰ মুক্তিক লৈ সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি নিম্ন আদালতে দিয়া জামিনক প্ৰত্যাহ্বান জনাবলৈ তৎপৰ হৈ পৰিছে মহানগৰ আৰক্ষী ৷ শীঘ্ৰে বন্দনাৰ জামিনৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব মহানগৰ আৰক্ষী ৷ যদিহে উচ্চতম ন্যায়ালয়ে এই জামিন খাৰিজ কৰে , তেনেহ’লে পুনৰ জে’লৰ আলহী হ‘ব লাগিব বন্দনা ৷
ইপিনে ,আদালতত গোচৰটোৰ ভূল বাখ্যা আগবঢ়োৱা হৈছে বুলি দাবী উত্থাপন কৰিছে মহানগৰ আৰক্ষীয়ে। আনহাতে অমৰজ্যোতি দে’ৰ সম্পত্তিৰ বাবে আদালৰ কাষ চাপিছে অমৰজ্যোতি দে’ আৰু শংকৰী দে’ৰ পৰিয়ালৰ লোক। অমৰজ্যোতি দে’’ৰ ফ্লেটৰ চাবি বিচাৰিও আদালতত আবেদন জনাইছে অমৰজ্যোতি দে’ৰ আত্মীয়ই। উল্লেখ্য যে, অমৰজ্যোতি দে’ আৰু শংকৰী দে’ৰ শিহৰণকাৰী হত্যাকাণ্ডৰ তথ্য পোহৰলৈ অহাৰ পাছতে আৰক্ষীয়ে তেওঁলোকৰ সকলো সম্পত্তি ছীল কৰি দিছিল।
মঙলবাৰে নিয়মিত সাক্ষী গ্ৰহণৰ বাবে সত্ৰ আদালতত উপস্থিত হয় অভিযুক্ত বন্দনা কলিতা। উল্লেখ্য যে ধনটি আৰু অৰূপৰ সহযোগত স্বামী অমৰ দে’ আৰু শাহু শংকৰী দে’ক নির্মমভাৱে বন্দনাই হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল ৷