প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চলিত মাহৰ ২১ তাৰিখে তিনিদিনীয়াকৈ আমেৰিকা ভ্ৰমণলৈ যাব। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনক সাক্ষাৎ কৰাৰ উপৰিও মোদীয়ে আমেৰিকাৰ সংসদৰ যৌথ অধিৱেশনত ভাষণ দিব। বাইডেন আৰু তেওঁৰ পত্নী জিল বাইডেনে আয়োজন কৰা নৈশভোজতো অংশগ্ৰহণ কৰিব মোদীয়ে। বাইডেন প্ৰশাসনৰ সূত্ৰ অনুসৰি ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ সংসদত ভাষণ দিব মোদীয়ে। মোদীৰ সৈতে বাইডেনৰ আলোচনাত কোনবোৰ বিষয়ক অগ্ৰাধিকাৰ দিয়া হ’ব সেয়া স্পষ্ট কৰি দিছে হোৱাইট হাউছে।
বাইডেন প্ৰশাসনৰ প্ৰেছ সচিব কেৰিন জিন পিয়েৰে কয় যে দুয়োখন দেশৰ ৰাষ্ট্ৰপতিয়ে আমেৰিকা আৰু ভাৰতৰ মাজত বুজাবুজি শক্তিশালী কৰাৰ বাবে, ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোক মুক্ত আৰু মুকলি কৰি ৰাখিবলৈ আলোচনা কৰিব। ইয়াৰ উপৰিও প্ৰেছ সচিবগৰাকীয়ে কয় যে বাইডেন আৰু মোদীয়ে প্ৰতিৰক্ষা খণ্ডতো আলোচনা কৰিব।
কেৰিনৰ ভাষাত, “ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোক মুক্ত আৰু মুকলি কৰি ৰখাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ উপৰিও আলোচনাত প্ৰতিৰক্ষা বিষয়সমূহকো অগ্ৰাধিকাৰ দিয়া হ’ব।” একে সময়তে তেওঁৰ বাবে আৰু একো কোৱা সম্ভৱ নহয় বুলিও তেওঁ কয়। আমেৰিকা আৰু ভাৰতৰ মাজৰ সম্পৰ্কৰ কথা উল্লেখ কৰি কেৰিনে কয় যে ভাৰত আৰু আমেৰিকা ইমানেই বন্ধুত্বৰ বান্ধোনত বান্ধ খাই আছে যে ভাৰতীয় আৰু আমেৰিকান একেলগে থকা যেন লাগে।
বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিত মোদী আৰু বাইডেনৰ বৈঠকক কেইবাটাও কাৰণত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধত ভাৰতৰ ‘নিৰপেক্ষ’ ভূমিকা আৰু ব্লাদিমিৰ পুটিনে দেশৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ সিদ্ধান্তত আমেৰিকা সুখী নহয়। আকৌ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ আগ্ৰাসন বন্ধ কৰিবলৈ আমেৰিকাক ভাৰতৰ প্ৰয়োজন। জি-৭ৰ বৈঠকত কোৱাড গ্ৰুপৰ চাৰিখন দেশ- ভাৰত, আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰপতিৰ বৈঠক। সেই বৈঠকৰ পাছত মোদীয়ে পুনৰ বাইডেনৰ সৈতে সাক্ষাৎ কৰিবলৈ ওলাইছে।