ভোটদান আমাৰ দেশৰ এক গণতান্ত্ৰিক অধিকাৰ ৷ ভোট দান কৰিয়েই আপুনি নিজৰ জনপ্ৰতিনিধি নির্বাচন কৰাৰ সুযোগ লাভ কৰে ৷ কিশোৰ কিশোৰীৰ পৰা আৰম্ভ কৰি বৃদ্ধালৈকে সকলো আহে নির্বাচনৰ দিনা ভোটদান কৰিবলৈ ৷ পিছে এইবাৰ ভোট দিবলৈ আহি সকলোৰে দৃ্ষ্টি কাঢ়িলে বেংগালুৰুৰ এগৰাকী মহিলাই ৷ হাস্পতালত চিকিৎসাধীন অৱস্থাৰ পৰাই ষ্ট্ৰেচাৰত আহি ভোট দিলে কলাৱতী নামৰ মহিলা গৰাকীয়ে ৷ ৭৮ বছৰীয়া মহিলাগৰাকীয়ে ষ্ট্ৰেচাৰত আহি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে।
কৰ্ণাটকৰ বেংগালুৰুৰ বাসিন্দা কলাৱতী। প্ৰতিবাৰেই নিয়মীয়াকৈ ভোট দি আহিছে তেওঁ । দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত তেওঁৰ ভোট আছিল। কিন্তু কিছুদিন আগতে তেওঁ অসুস্থ হৈ পৰিছিল। তেজত অক্সিজেনৰ মাত্ৰা কমি যায়। কাহ আৰু উশাহ লোৱাত কষ্ট আৰম্ভ হয়। নিউমোনিয়াও ধৰা পৰে চিকিৎসকৰ পৰীক্ষাত । ইয়াৰ পিছত যোৱা মঙলবাৰে কালাৱতীক জয়নগৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তেওঁৰ ভোট দিবলৈ যোৱাটো অনিশ্চিত হৈ পৰিল। কিন্তু শুকুৰবাৰে পুৱা ভোট দিবলৈ যোৱাৰ কথাত অটল আছিল কালাৱতী। সিদ্ধান্ত ল’লে, তেওঁ ষ্ট্ৰেচাৰত গৈয়েই ভোট দিব । পৰিয়ালক বুজাই অসুস্থতাক আওকাণ কৰি ষ্ট্ৰেচাৰত গৈ অৱশেষত তেওঁ ভোটাধিকাৰ সাৱ্যস্ত কৰে ৷
এনডিটিভিৰ এক প্ৰতিবেদন অনুসৰি চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়ত কলাৱতীৰ তেজত অক্সিজেনৰ মাত্ৰা ৮০ শতাংশলৈ হ্ৰাস পাইছিল ৷ চিকিৎসকে কয়, যিটো সুস্থ ব্যক্তিৰ ক্ষেত্ৰত ৯৫ শতাংশ বা তাতকৈ অধিক। যোৱা কিছুদিনত তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ উন্নতি ঘটিছিল যদিও ভোটদান কৰিব পৰা অৱস্থাত নাছিল। অৱশ্যে চিকিৎসকলে তেওঁক পৰীক্ষা কৰি ভোটদানৰ অনুমতি দিয়ে ৷ শুকুৰবাৰে পুৱা হস্পিতালৰ সহায়ত ভোটদান কৰিবলৈ যায় কলাৱতী।