অসম লোকসেৱা আয়োগত ৰাকেশ পালৰ আমোলাত সংঘটিত কেলেংকাৰীৰ তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিছে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাই ৷ ২০১৩ আৰু ২০১৪ বর্ষৰ প্ৰতিবেদন দাখিল কৰিছে আয়োগে ৷ কিন্তু আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে ৷ বৰঞ্চ আয়োগৰ পৰামর্শ মানি ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ অসুবিধাৰ সন্মুখীন হৈছে বুলিহে সদৰী কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ বিশেষকৈ আয়োগে ২০১৩ বর্ষৰ সকলো ৰাজপত্ৰিত বিষয়াক চাকৰিৰ পৰা বর্খাস্ত কৰিবলৈ দিয়া পৰমাশৰক লৈ এই অসুবিধাৰ সৃষ্টি হোৱা বুলি তেওঁ মন্তব্য কৰিছে ৷
আজি এক সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় –“প্ৰতিবেদনৰ ওপৰত চিআইডিয়ে তদন্ত কৰি আছে ৷ আমিও বিভাগীয় ব্যৱস্থা হাতত ল’ম ৷ বিপ্লৱ শর্মা আয়োগৰ দ্বিতীয় প্ৰতিবেদন মই দেখা নাই ৷ প্ৰথম প্ৰতিবেদনত তেওঁ কৈছে যে সকলোৰে চাকৰি নোহোৱা কৰিব লাগে ৷ তেনেকুৱা এটা পর্যায়লৈকে যাবৰ কাৰণে মোকো বহুত সাহস লাগিব ৷ গোটেইকেইজন ল’ৰাটো বেয়া নহয় ৷ৰাজনীতি কৰিলে একেবাৰে মানৱতা এৰি কলম চলাব নোৱাৰি ৷তেওঁৰ প্ৰতিবেদনত কৈছে যে সমগ্ৰ বেটচটোৰ চাকৰি নোহোৱা কৰি দিব লাগে ৷কোনোবা ল’ৰা জেএনইউৰ পৰা উত্তীর্ণ হৈ আহিছে, কোনোবা ল’ৰা দিল্লী বিশ্ববিদ্যালয়ৰ পৰা উত্তীর্ণ হৈ আহিছে ৷প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ আহিছে , এতিয়া বেটচটোৰ চাকৰি মই কেনেকে নোহোৱা কৰিম ৷ন্যায়াধীশসকলে আইন চায়, তেওঁলোকে আইনৰ মতে সিদ্ধান্ত দিয়ে ৷ তেওঁলোকে ৰায়তে কয় যে মানৱীয়তা চোৱাটো আমাৰ কাম নহয় ৷ আমাৰ কামটো হ’ল আইন চোৱাটো ৷ তেওঁলোকে আইনৰ কাম কৰে ৷কিন্তু মুখ্যমন্ত্ৰীয়ে আইন আৰু মানৱীয়তা দুয়োটা চাব লাগিব ৷ মই সাহস গোটাব চেষ্টা কৰি আছো ৷কোনোবাদিন সাহস গোট খাই গ’লে পঠাই দিম ৷”
তেওঁ লগতে কয় যে বেটচটো নোহোৱা কৰি দিলে বহু বিষয়াৰ ল’ৰা-ছোৱালী হৈছে , চাকৰি কৰি আছে ৷ কাৰ অভিশাপ কোনে মূৰত ল’ব ৷সিদ্ধান্ত চাইচিতি ল’ব লাগিব ৷যদি আদালতে কয় এই সিদ্ধান্তই মানিবই লাগিব তেতিয়াতো মানিবই লাগিব ৷সকলো বেয়া মানুহ নহয় ৷ ৩৪ জনৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰিব নির্দেশ দিয়া হৈছে ৷কিন্তু আয়োগৰ পৰামর্শ ৩৪ জনৰ বাবে নহয়, গোটেই বেটচটোৰ বাবে কৈছে ৷ যাৰ বাবে অসুবিধা হৈছে ৷ ৩৪ জন হ’লে অসুবিধাই নাছিল ৷