প্ৰটিনৰ অভাৱ পূৰণৰ বাবে দাইল এক অপৰিহাৰ্য খাদ্য। মগু, মচুৰ দাইল, – যি দাইলেই হওক, সিজাই তাৰ ওপৰত শুকান জলকীয়া, তেজপাত , শুকান জলকীয়া আদিৰ ফোৰণ দিলে ইয়াৰ সোৱাদ অনন্য হৈ উঠে ৷ কিন্তু দাইলত ‘সোণ’ৰ ফোৰণ দিয়া দেখিছেনে ? কিন্তু শেহতীয়াকৈ ‘সোণ’ৰ ফোৰণ দিয়া দাইলৰ এক ভিডিঅ ছছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷
চেফসকলে প্ৰায়ে ৰন্ধা-বঢ়াৰ পৰীক্ষা-নিৰীক্ষা কৰে। বিভিন্ন খাদ্য সামগ্ৰী মিহলাই তেওঁলোক সাধাৰণ ব্যঞ্জনকো অসাধাৰণ কৰি তুলিব পাৰে ৷ এনে এটা ভিডিঅ’ শেহতীয়াকৈ ভাইৰেল হৈছে। ‘দাল কাশকান’ নামৰ পোষ্টটোৰ বিশেষত্ব হ’ল ইয়াত প্ৰকৃত সোণ ব্যৱহাৰ কৰা হৈছে ৷
চেফ ৰণবীৰ ব্ৰাৰৰ হাতেৰে নিৰ্মিত এই দাইলত বিভিন্ন ধৰণৰ ভাৰতীয় সুগন্ধি মছলা আৰু ঘিৰ সোৱাদ দিয়া হৈছে। একেবাৰে শেষত সেই দাইলত ২৪ কেৰেট সোণৰ গুড়ি ফোডান বা ‘তাড়কা’ হিচাপে দিয়া হয়। মেহুল হিংগু নামৰ এজন নেটিজেনে সেই ভিডিঅ’টো ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল।
ভিডিঅ’টোত চেফ ৰণবীৰ ব্ৰাৰে দেখুৱাইছে যে কেনেকৈ ২৪ কেৰেটৰ সোণৰ গুড়ি দাইলত মিহলাই দিয়া হয়। কাঠৰ বাকচ এটাত দাইলৰ বাটি এটা সজাই গ্ৰাহকক পৰিবেশন কৰা হয়। ডুবাই ফেষ্টিভেল চিটি মলত নিজা ৰেষ্টুৰেণ্ট ‘কাশকন’ আছে ৰণবীৰৰ। তালৈ গ’লে সোণেৰে নিৰ্মিত এই দাইলৰ সোৱাদ ল’ব পাৰি। এটা বাটি দাইলৰ দাম ৫৮ দিৰহাম অৰ্থাৎ ভাৰতীয় দাম প্ৰায় ১৩০০ টকা।