যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু জনপ্ৰিয় চলচ্চিত্ৰ অভিনেতা ৰবী শৰ্মাৰ আশু-আৰোগ্য কামনা কৰিছে
ভিন ভিন দল-সংগঠনে । আজি এক প্ৰেছ বিবৃতিত বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ বহুবাকৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- আমাৰ দুয়োগৰাকী শিল্পীয়ে আপোনৰো আপোন । দুয়োগৰাকী শিল্পীয়ে অতি সোনকালেই সুষ্ঠ হৈ নিজ নিজ কৰ্মত সততা-নিষ্ঠাৰে নিয়োজিত হৈ পৰক।
গাৰ্গ আৰু শৰ্মা দুয়োগৰাকী শিল্পীৰে আশু আৰোগ্য কামনা কৰিছে ক্ৰমে – অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, চৰকাৰী পেঞ্চনাৰ সন্থা, অসমৰ সম্পাদক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদ, অসমৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, নাথ সাহিত্য সভা, অসমৰ সভাপতি হৰ কুমাৰ নাথ, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, পৰাগজ্যোতি প্ৰকাশন, স্বেচ্ছাসেৱী অনুষ্ঠান ৰং, বিশিষ্ট কন্ঠশিল্পী ডিজেন কাকতি, বিশিষ্ট শিক্ষাবিদ বাসুদেৱ মালী আদি দল-সংগঠনে ।