ন্যায়াধীশ ইউছুফ আজাজৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ ৰায় দান কৰিছে বিজনী থানাৰ ১২০/২০০১ নং ডাইনী হত্যাৰ গোচৰত অভিযুক্ত ১০জন ব্যক্তিক । ডাইনী কাণ্ডৰে জড়িত ১০ জন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে আদালতে ৷ অন্ধবিশ্বাসৰ বলি হৈ নিৰ্দোষী লোকক ডাইনী সন্দেহত হত্যা কৰা অভিযুক্তৰ বিৰুদ্ধে চিৰাঙৰ বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে মঙলবাৰে এই ঐতিহাসিক ৰায় প্ৰদান কৰে।
ডাইনী হত্যাৰ গোচৰত ১০অভিযুক্তক ন্যায়াধীশ ইউছুফ আজাজৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ ৰায় দিয়ে। ৰায় অনুসৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে কেটেং বড়ো, গেনা বসুমতাৰী, গোগো বসুমতাৰী, গংগাৰ বসুমতাৰী, আখু বসুমতাৰী, থিৰেন বসুমতাৰী, সোম্বাৰু বসুমতাৰী, জাবোতি বসুমতাৰী, হেব্ৰো গয়াৰী আৰু সমৰ মুছাহাৰীক ।
উল্লেখ্য যে ২০০১ চনত বিজনীৰ বান্দুগুৰিত ৩ গৰাকী লোকক হত্যা কৰা হৈছিল ৷ বান্দুগুৰিৰ গাঙ্গুলী বসুমতাৰী, মালাৰাম বসুমতাৰী আৰু পনীৰাম বসুমতাৰীক ডাইনী সাজি নিৰ্মমভাৱে হত্যা কৰিছিল ১২ অপৰাধীয়ে। ইয়াৰে ২ অপৰাধীৰ ইতিমধ্যে মৃত্যু ঘটিছে। জানিবপৰা মতে মৃত্যু হোৱা অপৰাধী দুজন ক্ৰমে বলেন বসুমতাৰী আৰু বুতৰ বসুমতাৰী।