সময়ে সময়ে সংঘটিত হোৱা বহু কৰুণ কাহিনীয়ে ২১ শতিকাতো দেশৰ একাংশ লোকৰ দাৰিদ্ৰতাৰ দুখলগা ছবিখন উণ্মোচন কৰি আহিছে ৷ তেনে এক শোকাৱহ ঘটনাই এইবাৰ সংঘটিত হ’ল মধ্যপ্ৰদেশৰ মৰেনা চহৰত ৷ ধনৰ অভাৱত ঘৰলৈ নিবলৈ এখন বাহন যোগাৰ কৰিব নোৱাৰাৰ বাবে এটি ৮ বছৰীয়া শিশুৱে ২ বছৰীয়া ভাতৃ মৃতদেহ কোলাত লৈ দীর্ঘসময় বহি থাকিবলগীয়া হোৱা দৃশ্যই সকলোৰে চকু সেমেকাই তুলিছে ৷
ঘটনাৰ বিবৰণী অনুসৰি আম্বাহৰ বডফ্ৰা গাঁৱৰ বাসিন্দা পূজাৰাম জাটভে নিজৰ ২ বছৰীয়া পুত্ৰ ৰাজাক এখন স্থানীয় চিকিৎসালয়ত ভর্ত্তি কৰায় ৷ ৰক্তহীনতাৰ লগতে যকৃতৰ ৰোগত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হোৱা ৰাজাক স্থানীয় চিকিৎসালয়খনে এম্বুলেন্সৰ জৰিয়তে ভূপালৰ পৰা প্ৰায় ৪৫০ কিলোমিটাৰ উত্তৰে মৰেনা জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ কিন্তু চিকিৎসাৰ সময়ত ৰাজাৰ মৃত্যু হয়। আনহাতে ৰাযাক লৈ অহা এম্বুলেন্সখন ইতিমধ্যে উভতি যায় ৷ যাৰ বাবে কণমাণিটোৰ মৃতদেহ নিবলৈ পিতৃ পূজাৰামে চিকিৎসালয়খনৰ চিকিৎসক-কৰ্মচাৰীক এখন বাহনৰ বাবে অনুৰোধ জনায় ৷ প্ৰায় ৩০ কিলোমিটাৰ দূৰত থকা নিজৰ গাওঁলৈ পুত্ৰৰ মৃতদেহ লৈ যাবলৈ প্ৰয়োজনীয় বাহন বিচাৰি কৰা আহ্বানক কোনো গুৰুত্ব নিদিলে চিকিৎসক-নার্ছে । বৰঞ্চ তেওঁৰ অনুৰোধ নাকচ কৰি কোৱা হৈছিল যে চিকিৎসালয়খনৰ হাতত বাহন নাই ৷ যাৰ বাবে বাহিৰত থকা আন এখন বাহনৰৰ বাবে তেওঁ ধন দিব লাগিব। চিকিৎসালয়ৰ চৌহদত ৰখাই থোৱা এজন এম্বুলেন্স অপাৰেটৰে ইয়াৰ বাবে ১৫০০ টকা বিচাৰে ৷ চাৰি সন্তানৰ পিতৃ পূজাৰামৰ হাতত নাছিল ইমান ধন ৷
যাৰ বাবে পুত্ৰ ৰাজাৰ মৃতদেহ আৰু লগত যোৱা ৮ বছৰীয়া গুলছনক লৈ চিকিৎসালয়ৰ পৰা ওলাই আহে অসহায় পূজাৰাম। তেওঁ মৰেনাৰ নেহৰু পাৰ্কৰ সন্মুখত গুলছনৰ কোলাত ৰাজাৰ মৃতদেহটো ৰাখি এখন কম দামত গাঢ়ী বিচাৰি ওলাই যায় ৷ আধা ঘণ্টা ধৰি গুলচনে মৃত ভায়েকক কোলাত থৈ পিতৃ উভতি অহাৰ বাবে অপেক্ষা কৰি ৰয় ৷
পৰৱর্তী সময়ত কেইবাজনো লোক সেই স্থানত সমাবেত হয় আৰু শিশুটিৰ অসহায় অৱস্থাৰ বিষয়ে অৱগত হয় ৷ লগে লগে তেওঁলোকে প্ৰশাসনক অৱগত কৰে ৷ অৱশেষত যোগেন্দ্ৰ সিঙ নামৰ এজন আৰক্ষী বিষয়াই মৃতদেহটো তুলি লৈ গুলচনক জিলা চিকিৎসালয়লৈ ওভতাই লৈ যায় ৷ য’ত পূজাৰামক এখন এম্বুলেন্স প্ৰদান কৰা হয় ৷