পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীৰে আজি ৰাজ্যৰ শিক্ষক- চৰকাৰী কর্মচাৰীয়ে কর্মবিৰতি কার্যসূচী ৰূপায়ন কৰে ৷ সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ আহ্বানমর্মে ৰূপায়ন কৰা কার্যসূচীৰ ফলত স্তব্ধ হৈ পৰে চৰকাৰী কার্যালয়সমূহৰ কাম-কাজ ৷ তদুপৰি শিক্ষানুষ্ঠানসমূহত বন্ধ হৈ পৰে পাঠদান ৷
আজিৰ কার্যসূচী সন্দর্ভত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা, সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মা, ৰাজ্যিক মুখপাত্ৰ ড° জ্যোতিষ গোস্বামীয়ে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কয়-‘ উচ্চতম ন্যায়ালয়ে স্পষ্টভাৱে প্ৰকাশ কৰিছে যে পেঞ্চন সামাজিক নিৰাপত্তাৰ অন্যতম আৰ্হি আৰু ই হৈছে কৰ্মচাৰী সকলৰ বৃদ্ধকালীন সময়ৰ সুৰক্ষা কবচ । ইয়াৰ প্ৰকৃত লক্ষ্য হ’ল সামাজিক সুৰক্ষা। অতি পৰিতাপৰ বিষয় যে ভাৰতৰ সংবিধান, উচ্চতম ন্যায়ালয়ৰ মতক গুৰুত্বহীন বুলি এন পি এছ নামৰ অসুৰক্ষিত ব্যৱস্থাটি কৰ্মচাৰী সকলৰ ওপৰত জাপি দি পেঞ্চন ব্যৱস্থাক ব্যৱসায় আৰু পেঞ্চনাৰ সকলক বেপাৰৰ সামগ্ৰী কৰি পেলাইছে। এয়া ভাৰতবৰ্ষৰ পৰম্পৰা আৰু সংস্কাৰ বিৰোধী। এই ব্যৱস্থাৰ প্ৰতিবাদ হৈছে আৰু হৈ থাকিব আৰু পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বলবৎ নোহোৱালৈকে এই সংগ্ৰাম তীব্ৰৰ পৰা তীব্ৰতৰ হৈ যাব। চৰকাৰ পৰিচালনা কৰা ৰাজনৈতিক দলে ৰাজ্যৰ কৰ্মচাৰী সমাজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বাধ্য হ’বই লাগিব। আজিৰ পৰা অসমত বাস কৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, নিগম নিকায় সমুহৰ শ্ৰমিক কৰ্মচাৰী শ্ৰেণীয়ে ব্যৱস্থাৰ পৰিৱৰ্তন আৰু চৰকাৰী শ্ৰমিক-কৰ্মচাৰী সমাজৰ বাৰ্ধক্যৰ সুৰক্ষাৰ স্বাৰ্থত পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহালৰ বাবে কৰ্মবিৰতি কৰি দাবী জনাইছে। “
সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই কয় যে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সমাজ আজি শংকিত নিজৰ ভবিষ্যত অৱসৰী জীৱনৰ আৰ্থিক দন্যতাৰ বাবে। এই ত্ৰাসিত কৰ্মচাৰী সমাজে বিভিন্ন পৰ্যায়ত একত্ৰে জনোৱা পুৰণি পেঞ্চন পুন:প্ৰতিষ্ঠাৰ দাবীক আন অনুৰোধৰ দৰে গুৰুত্বহীন বুলি ভাবি কৰ্মচাৰী সমাজক অন্যায় কৰিছে। অৱসৰী জীৱনৰ সামাজিক সুৰক্ষাৰ দ্বায়িত্ব চৰকাৰে লবই লাগিব। এই দাবীক গুৰুত্ব দিবই লাগিব। অসমৰ কৰ্মচাৰী সমাজে নিজৰ ভবিষ্যত সুৰক্ষাৰ স্বাৰ্থ নিশ্চিত কৰিবলৈ গণতান্ত্ৰিক পদ্ধতিৰে ৰাজপথলৈ আহিবলৈ বাধ্য কৰিছে । পুৰণি পেঞ্চন পুন:প্ৰতিষ্ঠাৰ এই সংগ্ৰামত সংস্থা/ সংঘ নিৰ্বিশেষে সকলো শ্ৰেণীৰ শ্ৰমিক-কৰ্মচাৰী একত্ৰে প্ৰতিবাদ কৰিছে। আজি কৰ্মবিৰতি পালন কৰি কৰ্মচাৰী সমাজক অসম চৰকাৰে দেখুউৱা অবহেলাৰ বাবে প্ৰতিবাদ কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুন:প্ৰতিষ্ঠাৰ বাবে দাবী জনাইছে। সেয়েহে অনতিপলমে চৰকাৰে এন পি এছ ব্যৱস্থা বন্ধ কৰি অসমৰ সকলো শিক্ষক, বিষয়া, আৰক্ষী, কৰ্মচাৰী সকলক পুৰণি পেঞ্চন ব্যৱস্থাৰ যোগেদি অৱসৰী জীৱনক সুৰক্ষিত কৰিবলৈ দাবী জনাইছে। ইতিমধ্যে ৰাজস্থান, চত্তিশগড়, ঝাৰখণ্ড, পঞ্চাৱ, হিমাচল প্ৰদেশ চৰকাৰৰ উপৰিও কৰ্ণাটক চৰকাৰে পুৰণি পেঞ্চন পুন:প্ৰতিষ্ঠা কৰি ৰাজ্য কেইখনৰ কৰ্মচাৰী সমাজক ন্যায় প্ৰদান কৰিছে। আজি স্পষ্ট যে অসম চৰকাৰৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিছে কৰ্মচাৰী সমাজৰ অৱসৰী সুৰক্ষা। অসমৰ কৰ্মচাৰী সমাজৰ স্বাৰ্থত অসম চৰকাৰৰ পৰা আমি তাৎক্ষনিকভাবে ইতিবাচক সঁহাৰি বিচাৰি দাবী উত্থাপন কৰে সংস্থাৰ সভাপতি হাজৰিকাই ৷
এই কাৰ্যসূচীত এন এফ ৰেলৱে মজদুৰ ইউনিয়ন, জইন্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়নচ্, অসম কলেজ শিক্ষক সংস্থা, সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী, সদৌ অসম শিক্ষক কৰ্মচাৰী সংস্থা (২০১৩ প্ৰাদেশিকৃত, অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ, অসম হাইস্কুল শিক্ষক সংস্থা, সদৌ অসম চেকেণ্ডেৰী স্নাতক শিক্ষক সন্থা, সদৌ অসম চতুৰ্থ শ্ৰেণী চৰকাৰী কৰ্মচাৰী সন্মিলন, সদৌ অসম তথ্য আৰু জনসংযোগ কৰ্মচাৰী সন্থা, সদৌ অসম মণ্ডল-কানংগু সন্থা, সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক-কৰ্মচাৰী সন্থা, অসম কলেজ কৰ্মচাৰী সন্থা, মুৰব্বী বিভাগীয় আমোলা সন্থা, কোষাগাৰ কৰ্মচাৰী সন্থা, ৰেচম বিষয়া সন্থা, সদৌ বড়ো প্ৰাথমিক শিক্ষক সন্থা, বিশ্ববিদ্যালয় কৰ্মী মহাসংঘ, সদৌ অসম ন্যায়িক কৰ্মচাৰী সংস্থা, সদৌ অসম বহুমুখী স্বাস্থ্য কৰ্মী (পুৰুষ) সংন্থা, সদৌ অসম ষ্টেট পুল শিক্ষক সন্থা, সদৌ অসম প্ৰাথমিক অৱসৰ প্ৰাপ্ত শিক্ষক কৰ্মচাৰী (নৱ প্ৰাদেশিকৃত) সংস্থা, সদৌ অসম মাধ্যমিক বিদ্যালয় কাৰ্য্যালয় সহায়ক সংস্থাই পূৰ্ণ সমৰ্থন দিয়াৰ বিপৰীতে সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু অসম মাধ্যমিক শিক্ষক –কৰ্মচাৰী সন্থাই নৈতিক সমৰ্থন প্ৰদান কৰিছে।