বৃহৎ ভূমিকম্পই জোকাৰি যোৱা তুৰস্কত উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে। দেশখনৰ জনসাধাৰণে অভূতপূর্ব দুর্যোগৰ সন্মুখীন হোৱাৰ সময়তে সোমবাৰে সন্ধিয়া পুনৰ আন এক শক্তিশালী ভূমিকম্পই জোকাৰি যায় তুৰস্ক। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৪।
সোমবাৰে সন্ধিয়া তুৰস্ক-চিৰিয়াৰ সীমান্ত এই ভূমিকম্পই কপাঁই যায় ৷ তুৰস্কৰ দক্ষিণ অংশৰ আন্টাকিয়া চহৰত ভূমিকম্পটোৰ উৎপত্তি হৈছিল বুলি জানিব পৰা গৈছে । ছিৰিয়া, ইজিপ্ত আৰু লেবাননতো কম্পন অনুভৱ কৰা হৈছিল। ইউৰোপীয় ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি এই ভূ-কেন্দ্ৰটো মাটিৰ পৰা মাত্ৰ দুই কিলোমিটাৰ তলত উৎপত্তি হৈছিল। ভূমিকম্পত আক্ৰান্ত মুনা আল ওমৰে যোৱা কিছুদিন ধৰি সাহায্য শিবিৰৰ তম্বুত আবদ্ধ হৈ আছে। সাত বছৰীয়া পুত্ৰক কোলাত লৈ কান্দি কান্দি তেওঁ কয় “মোৰ ভৰিৰ তলৰ মাটি দুভাগ হোৱা যেন লাগিছিল।”
৬ ফেব্ৰুৱাৰীত ছিৰিয়া আৰু তুৰস্ক ভূমিকম্পই কঁপাইছিল। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৮। ইয়াৰ পিছত তুৰস্ক আৰু ছিৰিয়াত হোৱা ‘আফটাৰ শ্বক’ত প্ৰায় ১০০ বাৰ কপাই গৈছে ৷ তুৰস্ক আৰু ছিৰিয়াৰ বিশাল অঞ্চল এতিয়া ভূমিকম্পৰ পিছত ধ্বংসাৱশেষৰ বাহিৰে আন একো নহয়। ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি কেৱল তুৰস্কত ২ লাখ ৬৪ হাজাৰ ঘৰ ভাঙি পৰিছে। দেশ দুখনত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৬ হাজাৰ অতিক্ৰম কৰিছে। ধ্বংসাৱশেষৰ তলত আৰু কিমান হাজাৰ লোক আৱদ্ধ হৈ আছে তাৰ কোনো পৰিসংখ্যা নাই।
ভূমিকম্পৰ ১২ দিনৰ পাছতো উদ্ধাৰকাৰীয়ে ধ্বংসাৱশেষৰ মাজত আৱদ্ধ লোকৰ সন্ধানত অভিযান অব্যাহত আছে। এই দুখন দেশক এতিয়া কবৰস্থানৰ আটাইতকৈ বেছি প্ৰয়োজন বুলি ৰাষ্ট্ৰসংঘই কয়। পৰিয়ালে আপোনজনক সমাধিস্থ কৰিবলৈ ঠাই পোৱা নাই। আন্তৰ্জাতিক সাহায্য সংস্থাসমূহেও বাচি থকা লোকসকলক খাদ্য, খোৱাপানী আৰু ঔষধ যোগান ধৰি আহিছে ৷