বিশ্ব এথলেটিক্স স্প্ৰিণ্টাৰ অঞ্জু ববি জৰ্জক ভাৰতত ক্ৰীড়াক আগুৱাই নিয়াৰ প্ৰচেষ্টাৰ লগতে বহু মহিলাক তেওঁৰ পদাংক অনুসৰণ কৰি আগুৱাই যাবলৈ অনুপ্ৰেৰণা দিয়াৰ বাবে এই বছৰৰ ‘ওমেন অৱ দ্যা ইয়েৰ’ সন্মানেৰে সন্মানিত কৰিছে ৷
নাৰীসকলক অনুপ্ৰাণিত কৰি এক আদৰ্শ হৈ ভাৰতৰ ক্ৰীড়া জগতলৈ অৱদান আগবঢ়োৱা বাবে অঞ্জু ববি জৰ্জ সন্মানিত হৈছে এই বিশেষ সন্মানেৰে । ভাৰতৰ প্ৰাক্তন আন্তৰ্জাতিক লং জাম্প তাৰকা জৰ্জ এতিয়াও এই খেলত সক্ৰিয়ভাৱে জড়িত হৈ আছে। ২০১৬ চনত তেওঁ যুৱতীসকলৰ বাবে এটা প্ৰশিক্ষণ একাডেমী খুলিছিল, যি ইতিমধ্যে বিশ্ব অনুৰ্ধ-২০ পদক বিজয়ী বহু মহিলা খেলুৱৈ প্ৰস্তুত কৰাত সহায় কৰিছে৷
লিংগ সমতাৰ বাবে এক নিৰন্তৰ কণ্ঠস্বৰেৰে ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ জ্যেষ্ঠ উপ-সভাপতি অঞ্জু ববি জৰ্জে স্কুলীয়া ছাত্ৰীসকলে যেন ভৱিষ্যতে ক্ৰীড়া জগতত নেতৃত্ব ল’ব পাৰে তাৰ পৰামৰ্শ দিয়ে ৷ সেয়েহে তেওঁক ৱ’মেন অফ দা ইয়েৰ বঁটা প্ৰদান কৰা হয়৷
৷ৰাতিপুৱা সাৰ পায়েই খেলৰ বাবে কিবা এটা কৰাতকৈ আন ভাল কাম একোৱেই নাই বুলি আজি টুইটাৰত এক টুইত কৰে অঞ্জু ববি জৰ্জ নামৰ এই মহান খেলুৱৈ গৰাকীয়ে