জম্মু-কাশ্মীৰত সংখ্যালঘুৰ ওপৰত উগ্ৰবাদীৰ আক্ৰমণ অব্যাহত আছে ৷ আজি জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে এখন বিদ্যালয়ৰ এগৰাকী হিন্দু শিক্ষয়িত্ৰীক গুলীয়াই হত্যা কৰে ৷ কুলগামৰ গোপালপোৰা অঞ্চলৰ এখন হাইস্কুলত সংঘটিত হয় এই ঘটনা৷ নিহত হোৱা শিক্ষয়িত্ৰী গৰাকী অঞ্চলটোৰ বাসিন্দা ৰজনী ভল্লা বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰিছে নিৰাপত্তা বাহিনীয়ে ৷
উল্লেখ্য যে শেহতীয়াকৈ মধ্য কাশ্মীৰৰ বুডগাম জিলাত এজন চৰকাৰী কৰ্মচাৰী ৰাহুল ভাটক তেওঁৰ কাৰ্যালয়ৰ ভিতৰত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰা ঘটনাক লৈ ব্যাপক প্ৰতিবাদৰ সূচনা হৈছিল । তিনি সপ্তাহ পূৰ্বে চাদুৰা চহৰৰ তহচিলৰ কাৰ্যালয়ৰ ভিতৰত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল মিষ্টাৰ ভাটক। ২০১০-১১ চনত প্ৰব্ৰজনকাৰীৰ বাবে বিশেষ নিয়োগ পেকেজৰ অধীনত তেওঁ কেৰাণীৰ চাকৰি পাইছিল।
তদুপৰি প্ৰায় এসপ্তাহ পূৰ্বেই বুডগাম জিলাত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল ৩৫ বছৰীয়া ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী অমৰীন ভাটক। এই আক্ৰমণত মহিলা গৰাকীৰ ভতিজা এজনো আহত হয়। লস্কৰ-ই-তৈবা (এল ই টি) সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাইছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল। চলিত মাহত কাশ্মীৰত এয়া সপ্তমটো হত্যাকাণ্ড। ইয়াৰে তিনিজন আৰক্ষী আৰু আন চাৰিজন সাধাৰণ নাগৰিক।