এতিয়া যেন দেশৰ কোটি কোটি লোকৰ ভ্ৰমণৰ লক্ষ্যস্থান হৈ পৰিছে অযোধ্যা ৷ নতুনকৈ প্ৰতিষ্ঠা কৰা ৰাম মন্দিৰত এবাৰ আশীষ গ্ৰহণ কৰিবলৈ সকলোৱে মনে প্ৰাণে কামনা কৰিছে ৷ কিন্তু এগৰাকী মহিলাক হনিমুনত অযোধ্যালৈ নিয়াৰ বাবেই বিবাহ বিচ্চেদ হোৱা ঘটনাই সংবাদ শিৰোনাম দখল কৰিছে ৷ এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত ৷
ঘটনাৰ বিবৰণী অনুসৰি মধ্যপ্ৰদেশৰ এগৰাকী মহিলাক স্বামীয়ে গোৱাত হনিমুনলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্ত তাৰ পৰিৱৰ্তে স্বামীয়ে মহিলা গৰাকীক অযোধ্যা আৰু বাৰাণসীলৈ লৈ যায় । এই কথাতে ক্ষুব্ধ হৈ যোৱা ১৯ জানুৱাৰীত মহিলা গৰাকীয়ে ভূপাল পৰিয়াল আদালতত গোচৰ তৰে ৷ দম্পতীহাল ভ্ৰমণৰ পৰা উভতি অহাৰ ১০ দিনৰ পিছত বিবাহ বিচ্চেদৰ গোচৰ তৰে ।
বিবাহ বিচ্ছেদৰ আবেদনত মহিলাগৰাকীয়ে কয় যে তেওঁৰ স্বামীয়ে আই টি খণ্ডত কাম কৰে আৰু ভাল দৰমহা পায়। তেওঁ নিজেওএগৰাকী কৰ্মৰত মহিলা আৰু ভাল উপাৰ্জন কৰে ৷ যাৰ বাবে হানিমুনৰ বাবে বিদেশলৈ যোৱাটো তেওঁলোকৰ বাবে কোনো ডাঙৰ কথা নাছিল।
কোনো ধৰণৰ আৰ্থিক অসুবিধা নোহোৱাৰ পিছতো মহিলাগৰাকীৰ স্বামীয়ে তেওঁক বিদেশলৈ নিবলৈ অস্বীকাৰ কৰি দেশৰ এখন ঠাই ভ্ৰমণ কৰিবলৈ জোৰ দিয়ে। তেওঁ দাবী কৰে যে স্বামীৰ পিতৃ-মাতৃক চোৱাচিতা কৰাৰ বাবে বিদেশ ভ্ৰমণ নকৰাৰ সিদ্ধান্ত লয় ৷ তাৰ পিছত দম্পতীহালে হনিমুনৰ বাবে গোৱা বা দক্ষিণ ভাৰত ভ্ৰমণ কৰিবলৈ সিদ্ধান্ত লয়।
অৱশ্যে পিছলৈ তেওঁ পত্নীক নোকোৱাকৈয়ে গোৱাৰ পৰিৱর্তে অযোধ্যা আৰু বাৰাণসীলৈ বিমান বুকিং কৰিছিল। ভ্ৰমণৰ মাত্ৰ এদিন আগতে লোকজনে পত্নীক জনাইছিল যে ৰাম মন্দিৰ অভিষেক অনুষ্ঠানৰ আগতে তেওঁৰ মাতৃয়ে চহৰখন ভ্ৰমণ কৰাটো বিচাৰিছে ৷ যাৰ বাবে তেওঁলোক অযোধ্যালৈ যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
সেই সময়ত মহিলা গৰাকীয়ে এই ভ্ৰমণত আপত্তি নকৰিলে ৷ কিন্তু তেওঁলোক তীৰ্থস্থানৰ পৰা উভতি অহাৰ লগে লগে স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰি পৰিয়াল আদালতৰ কাষ চাপিছে মহিলা গৰাকী । মহিলা গৰাকীয়ে লগতে দাবী কৰে যে স্বামীয়ে তেওঁৰ তুলনাত পৰিয়ালৰ সদস্যসকলৰ অধিক যত্ন লয়।