দেশৰ ভি আই পিৰ নিৰাপত্তাত এতিয়াৰ পৰা নিয়োজিত হ’ব মহিলা চিআৰপিএফ কামাণ্ডো ৷ ভি আই পি নিৰাপত্তা ব্যৱস্থাত শীঘ্ৰে ৩২ গৰাকী মহিলা কমাণ্ডো নিয়োজিত কৰা হ’ব ৷ ইতিমধ্যে তেওঁলোকক প্ৰদান কৰা হৈছে বিশেষ প্ৰশিক্ষণ ৷মহিলা ভি আই পিৰ ক্ষেত্ৰত এই কামাণ্ডোসকলক নিয়োজিত কৰা হ’ব ৷ কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী, সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পত্নী গুৰচৰণ কৌৰৰ নিৰাপত্তাত মহিলা কামাণ্ডো ব্যক্তিগত নিৰাপত্তা বিষয়া হিচাপে নিয়োজিত কৰা হ’ব ৷
অর্ধসামৰিক বাহিনীটোৰ মুখপাত্ৰ এজনে কয় “২০১৯ চনত আমি এটা ভিআইপি নিৰাপত্তা শাখা আৰম্ভ কৰিছিলো আৰু প্ৰথমতে ইয়াত কেৱল পুৰুষ কামাণ্ডো আছিল। অৱশ্যে আমি মহিলাসকলক দলটোৰ অংশ কৰিবলৈ প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছিলো ৷ প্ৰশিক্ষিত এই মহিলা কামাণ্ডোসকলক জানুৱাৰীৰ দ্বিতীয় সপ্তাহৰ ভিতৰত ভি আই পিৰ নিৰাপত্তাত নিযুক্তি দিয়া হ’ব ৷’ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে মহিলা কামাণ্ডোসকলক তিনিগৰাকী মহিলা ভি আই পিৰ সৈতে প্ৰয়োজনসাপেক্ষে নিয়োজিত কৰা হ’ব ৷ অৱশ্যে অন্যান্য জেড প্লাছ শ্ৰেণীৰ সুৰক্ষাপ্ৰাপ্ত ভি আই পিৰ সৈতেও নিয়োজিত কৰা হ’ব এই মহিলা কামাণ্ডোসকলক ।
কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ ৰণদীপ সূর্যৱালাই কয়, “কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধী আৰু সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই মহিলা কামাণ্ডো বিচৰা নাই কিয়নো তেওঁলোক সুৰক্ষা বাহিনীৰ পেছাদাৰীত্বৰ প্ৰতি সম্পূর্ণ বিশ্বাসী৷’
উল্লেখ্য যে যেতিয়া এজন ভিআইপি ব্যক্তিয়ে এখন ৰাজ্য ভ্ৰমণ কৰে তেতিয়া সংশ্লিষ্ট ৰাজ্য চৰকাৰে তেওঁলোকক নিৰাপত্তা প্ৰদানৰ বাবে দায়বদ্ধ ৷ কিন্তু তেওঁলোকক তাৎক্ষণিক নিৰাপত্তা চিআৰপিএফৰ দ্বাৰা প্ৰদান কৰা হয়। প্ৰতিজন ভি আই পি সুৰক্ষাপ্ৰাপ্ত ব্যক্তিৰ পাঁচৰ পৰা সাতজন চি আৰ পি এফ জোৱান থাকে ৷ বিভিন্ন ৰাজ্যৰ আগন্তুক নিৰ্বাচনত ভি আই পি সুৰক্ষাপ্ৰাপ্ত নেত্ৰীক মহিলা কামাণ্ডোৰ নিৰাপত্তাত দেখা যাব ৷