ভাৰতীয় বায়ু সেনাত যুজাঁৰু বিমানৰ পাইলট হিচাপে মহিলাৰ অংশগ্ৰহনত এতিয়াৰে পৰা নাথাকিব কোনো বাধা ৷ ভাৰতীয় বায়ু সেনাত মহিলা যুঁজাৰুৰ অংশগ্ৰহন স্থায়ী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ এই কথা সদৰী কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ ১৬ গৰাকীকৈ মহিলা যুঁজাৰু পাইলটৰ অংশগ্ৰহণৰ পাছত পৰীক্ষামুলক ভাৱে গ্ৰহণ কৰা পদক্ষেপ স্থায়ী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই সন্দর্ভত প্ৰতিৰক্ষা মন্ত্ৰীজনে কয় “প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় বায়ু সেনাত মহিলা যুঁজাৰু পাইলটসকলক অন্তৰ্ভুক্ত কৰাৰ পৰীক্ষামূলক পদক্ষেপ স্থায়ী কৰিবলৈ সিদ্ধান্ত লৈছে। এইটো ভাৰতৰ নাৰী শক্তিৰ সামৰ্থ্য আৰু মহিলা সবলীকৰণৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিশ্ৰুতিৰ প্ৰমাণ,”
গণতন্ত্ৰ দিৱসৰ পেৰেডত প্ৰথম গৰাকী মহিলা ৰাফেল যুঁজাৰু বিমানৰ পাইলট শিৱাংগী সিঙক বায়ুসেনাৰ প্ৰতীকপটত দেখা গৈছিল। যোৱা বছৰ, ফ্লাইট লেফটেনেণ্ট ভৱানা কান্ত বায়ুসেনাৰ প্ৰতীকপটত অংশ হোৱা প্ৰথম মহিলা যুঁজাৰু পাইলট আছিল।মহিলা যুঁজাৰু পাইলটসকলক অন্তৰ্ভুক্ত কৰাৰ পৰীক্ষামূলক আঁচনি ২০১৬ চনত আৰম্ভ কৰা হৈছিল। প্ৰথমতে, তিনিগৰাকী মহিলা যুঁজাৰু পাইলট প্ৰথম দলৰ অংশ আছিল ৷ কিন্তু পাছলৈ এই সংখ্যা বৃদ্ধি কৰা হয়। বর্তমান ৰাফেল, এছইউ৩০ এমকেআই আৰু মিগ ২১ বাইছনৰ দৰে যুঁজাৰু বিমানত ১৬ গৰাকী মহিলা পাইলট আছে।