ৰাতিপুৱা কোনে প্ৰথমে শুই উঠে? স্বামী নে পত্নী? এই সন্দৰ্ভত বিতৰ্ক অব্যাহত থাকিব পাৰে। কিন্তু আচলতে কাক বেছি টোপনিৰ প্ৰয়োজন আপুনি জানেনে ?, এই বিষয়টোক লৈ পুৰুষ বা মহিলাৰ ওপৰত যথেষ্ট অধ্যয়ন কৰা হৈছে। সাধাৰণতে পুৰুষ-মহিলাক প্ৰতিদিনে গড়ে ৭-৮ ঘণ্টা টোপনিৰ প্ৰয়োজন হয়।
ব্ৰিটেইনৰ নেচনেল ইনষ্টিটিউট অৱ হেল্থৰ এক অধ্যয়ন অনুসৰি পুৰুষততকৈ মহিলাক অলপ বেছি টোপনিৰ প্ৰয়োজন। গড় হিচাপত মহিলাসকলে পুৰুষতকৈ ১১ৰ পৰা ১৩ মিনিট বেছি সময় শোৱে ৷ আনহাতে, ২০১৩ চনত ‘আমেৰিকান ছ’চিয়েলজিকেল ৰিভিউ’ত এখন গৱেষণা পত্ৰ প্ৰকাশ পোৱা অনুসৰি সকলো মহিলাৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য নহয় ৷ বহু পৰিয়ালত মহিলাৰ ঘৰৰ ভিতৰে-বাহিৰে পুৰুষতকৈ বেছি কাম কৰিবলগীয়া হয় । গতিকে তেওঁলোকে দৈনিক দৈহিক শক্তি হেৰুৱাই পেলায়। সেইবাবেই নাৰীক অধিক টোপনিৰ প্ৰয়োজন।
২০১৪ চনত এন চি বি আইয়ে কৰা এক অধ্যয়নত দেখা গৈছে যে পুৰুষতকৈ মহিলাৰ অনিদ্ৰা ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰায় ৪০ শতাংশ বেছি। মহিলাসকলেও স্লিপ এপনিয়াত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। ফলত পুৰুষতকৈ মহিলাৰ টোপনিৰ সমস্যা বেছি। ঋতুচক্ৰৰ লগত জড়িত হৰম’নৰ সমস্যাৰ বাবে এই অনিদ্ৰাৰ সমস্যাই দেখা দিয়ে । হৰম’নৰ ভাৰসাম্য বিঘ্নিত হ’লে নিশা ১২ বজাত সাৰ পোৱাটো অস্বাভাৱিক নহয়। ফলত বিশেষজ্ঞসকলে কয় যে জৈৱিক কাৰণত মহিলাসকলক অধিক টোপনিৰ প্ৰয়োজন। কিন্তু এই কথা মনত ৰখা উচিত যে টোপনিৰ প্ৰয়োজনীয়তা ব্যক্তিভেদে বেলেগ বেলেগ হ’ব পাৰে।