কার্যালয়লৈ গৈ আমনি লাগিছে নেকি ? ঘৰৰ পৰাই কাম কৰিব পৰা হেতেন ? এনে চিন্তা আমাৰ বহুতৰে মনলৈ আহে ৷ কিন্তু এখন দেশৰ নাগৰিকসকলৰ মনৰ এনে চিন্তা শীঘ্ৰে বাস্তবায়িত হোৱাৰ দিশে আগবাঢ়িছে ৷ হয়, আমি ক’ব বিচাৰিছো নেদাৰলেণ্ডৰ কথা ৷ নেদাৰলেণ্ডত কৰ্মচাৰীসকলে ঘৰৰ পৰা কাম কৰাটো আইনী অধিকাৰ হিচাপে স্বীকৃতি দিবলৈ আগবাঢ়িছে ৷ যোৱা সপ্তাহত সংসদৰ নিম্ন সদনে এই সন্দৰ্ভত আইনত অনুমোদন দিছে ৷ ইউৰোপীয় দেশখনে এতিয়া ছিনেটৰ অনুমোদনৰ লাভ কৰিলেই এই নিয়ম কার্যকৰী হ’ব ৷
বৰ্তমান নেদাৰলেণ্ডৰ নিয়োগকৰ্তাসকলে কোনো কাৰণ নোহোৱাকৈ কর্মচাৰীসকলে ঘৰৰ পৰা কাম কৰাৰ অনুৰোধ অস্বীকাৰ কৰিব পাৰে। নতুন আইনৰ অধীনত নিয়োগকৰ্তাই এনে সকলো অনুৰোধ বিবেচনা কৰিব লাগিব ৷ আনহাতে কিবা কাৰণত এনে অনুৰোধ গ্ৰাহ্য নকৰিলে তাৰ কাৰণ বাখ্যা কৰিব লাগিব নিয়োগকর্তাই ৷
গ্ৰ’নলিংকছ পাৰ্টিৰ চেনা মাটৌগে কয় যে ইয়াৰ ফলত কর্মচাৰীসকলৰ কৰ্ম-জীৱনৰ উন্নত ভাৰসাম্য বিচাৰি উলিয়াব পাৰিব আৰু অহা-যোৱাত ব্যয় কৰা সময় হ্ৰাস পাব । নতুন বিধেয়কখন নেদাৰলেণ্ডৰ ২০১৫ চনৰ নমনীয় কৰ্ম আইনখনৰ সংশোধনী ৷ য’ত শ্ৰমিকসকলে তেওঁলোকৰ কৰ্ম সময়, সময়সূচী আনকি কৰ্মস্থলীৰ পৰিৱৰ্তনৰ বাবে অনুৰোধ কৰিব পাৰে। নেদাৰলেণ্ড শ্ৰমিকৰ অধিকাৰক সদায় সন্মান প্ৰদান কৰি আহিছে ৷