ডিমনেচিয়া বা স্মৃতি শক্তি লোপ পোৱা ৰোগক লৈ কেতবোৰ নতুন তথ্য পোহৰলৈ আহিছে গৱেষণাত ৷ লেন্সেট কাকতৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০৫০ চনৰ ভিতৰত ভাৰতত ১৪ লাখতকৈ অধিক লোক ডিমেনচিয়াত আক্ৰান্ত হ’ব। ডিমেনচিয়াত কোনো লোক আক্ৰান্ত হ’লে সম্পূৰ্ণ বা আংশিক স্মৃতিশক্তি হেৰুৱা, সিদ্ধান্ত ল’ব নোৱাৰা আদি সমস্যাৰ সৃষ্টি হয় ৷ আটাইতকৈ সাধাৰণ আৰু নিৰাময় কৰিব নোৱাৰা ডিমেনচিয়াৰ উদাহৰণ হ’ল এলঝেইমাৰ। কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে এই ৰোগৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে। শেহতীয়া এক অধ্যয়নৰ মতে, যিসকলে অফিচত দীৰ্ঘসময় কাম কৰে তেওঁলোকৰ ডিমেনচিয়া ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আনতকৈ বেছি। জামা জাৰ্নেলত প্ৰকাশিত এক গৱেষণাৰ মতে যিসকলে অবিৰতভাৱে অফিচত দীৰ্ঘদিসময় কাম কৰে, নিয়মিতভাৱে ব্যায়াম কৰিলেও তেওঁলোকে এই ৰোগৰ আশংকাৰ পৰা হাত সাৰিব নোৱাৰে। ৬০ বছৰ আৰু তাতকৈ অধিক বয়সৰ প্ৰায় ৪৯,৮৪১ জন পুৰুষ-মহিলাই এই অধ্যয়নত অংশগ্ৰহণ কৰিছিল।
গৱেষণাৰ মতে দীঘলীয়া সময় বহি থকাৰ অভ্যাসে আমাৰ মগজুৰ লগতে শৰীৰতো প্ৰভাৱ পেলায়। নিয়মীয়া ব্যায়ামে সেই ক্ষতি ৰোধ নকৰে। অধ্যয়নত দেখা গৈছে যে যিসকলে দিনটোত ১০ ঘন্টাতকৈ অধিক সময় অফিচত কাম কৰে তেওঁলোকৰ ৭ বছৰৰ ভিতৰত ডিমেনচিয়া ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ১০ ঘণ্টাৰ কম কাম কৰাসকলতকৈ আঠ শতাংশ বেছি। কেৱল অফিচৰ ডেস্কত নহয়, ঘৰলৈ উভতি আহি টিভিৰ সন্মুখত বা গাড়ীত বহু সময় বহি থকাৰ পিছতো আপুনিও একে সমস্যাৰ সন্মুখীন হ’ব পাৰে।
গতিকে বহু সময় বহি থকাৰ পিছত থিয় হৈ থাকিলে কিবা লাভ আছেনে?
দীঘলীয়া সময় বহি কাম কৰিলেও বহুলোকৰ কামৰ মাজতে খোজকঢ়া অভ্যাস আছে ৷ কিন্তু অধ্যয়নত কোৱা হৈছে, এই কম সময়ৰ বাবে খোজ কাঢ়িলেও কোনো লাভ নহ’ব। তেওঁ খোজ কাঢ়ে যদিও ১০ ঘণ্টা চকীত বহি কাম কৰে তেন্তে কোনো লাভ নহ’ব ৷
ডিমেনচিয়াৰ সম্ভাৱনা কেনেকৈ হ্ৰাস কৰিব পাৰি?
ডিমেনচিয়াৰ সম্ভাৱনা কম কৰিবলৈ প্ৰথমে অফিচত বহি কটোৱা সময় কম কৰিব লাগিব ৷ ৯ৰ পৰা ৯.৩০ ঘণ্টাৰ ভিতৰত কাম শেষ কৰিবলৈ চেষ্টা কৰক। পুৱা বেছিকৈ খোজ কাঢ়িব লাগে। দিনটোৰ বেছিভাগ সময় সক্ৰিয় হ’ব লাগিব।