১৯৮৮চনৰ পৰা প্ৰতি বছৰে ১ ডিচেম্বৰৰ দিনটো বিশ্ব এইডছ দিৱস হিচাপে পালন কৰি অহা হৈছে৷ HIV সংক্ৰমণ ৰোধ কৰিবৰ বাবে লগতে এই মহামাৰীৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে আৰু এইডচৰ কবলত পৰি মৃত্যুক আঁকোৱালি লোৱা সকলৰ নামত এই বিশেষ দিনটো সমগ্ৰ বিশ্বতে উদযাপন কৰা হয়৷
এইডছ হৈছে হিউমেন ইমিউনোডেফিচিয়েন্সি ভাইৰাছ (এইচ.আই.ভি.)ৰ ফলত হোৱা জীৱনৰ বাবে এক বিপদজনক স্থিতি। এইচ.আই.ভি. ভাইৰাছে ৰোগীৰ ৰোগ প্ৰতিৰোধ প্ৰণালীক আক্ৰমণ কৰে আৰু আন ‘ৰোগ’ৰ প্ৰতি ইয়াৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে। চৰকাৰী আৰু স্বাস্থ্য বিষয়া, বেচৰকাৰী সংগঠন আৰু সমগ্ৰ বিশ্বই এই দিনটো পালন কৰে৷ এই বিশেষ দিনটোত এইডছ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ওপৰত শিক্ষা প্ৰদান কৰা হয়।
বিশ্ব এইডছ দিৱস হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা চিহ্নিত এঘাৰটা আনুষ্ঠানিক বিশ্ব জনস্বাস্থ্য অভিযানৰ এক উল্লেখযোগ্য অভিযান ৷ বিশ্ব স্বাস্থ্য দিৱস, বিশ্ব ৰক্তদাতা দিৱস, বিশ্ব টিকাকৰণ সপ্তাহ, বিশ্ব ধপাত দিৱস, বিশ্ব হেপাটাইটিছ দিৱস, বিশ্ব এণ্টিমাইক্ৰোবাইল সজাগতা সপ্তাহ, বিশ্ব ৰোগী সুৰক্ষা দিৱস আৰু বিশ্ব চাগাছ ৰোগ দিৱস আদি প্ৰতি বছৰেই উদযাপিত হয় বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা৷
২০১৭ চনলৈকে ভয়াবহ এইডছে বিশ্বজুৰি ২৮.৯ নিযুতৰ পৰা ৪২.৫ নিযুত লোকৰ মৃত্যু ঘটাইছে, আৰু আনুমানিক ৩৬.৭ নিযুত লোক এইচ.আই.ভি.ত আক্ৰান্ত হৈ আছে ৷ ইয়াক নথিভুক্ত ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ গোলকীয় জনস্বাস্থ্যসমস্যাবোৰৰ ভিতৰত এটা কৰি তুলিছে। শেহতীয়াকৈ পৃথিৱীৰ বহুতো অঞ্চলত এণ্টিৰেট্ৰোভাইৰেল চিকিৎসাৰ উন্নত প্ৰৱেশাধিকাৰৰ বাবে, ২০০৫ চনত এইডছ মহামাৰীত ২০০৫ চনত ১.৯ নিযুতৰ তুলনাত ২০১৬ চনত ১ নিযুতলৈ মৃত্যুৰ হাৰ হ্ৰাস পাইছে ৷
১৯৮৭ চনৰ আগষ্ট মাহত চুইজাৰলেণ্ডৰ জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাত এইডছৰ গোলকীয় কাৰ্যসূচীৰ বাবে দুজন ৰাজহুৱা তথ্য বিষয়া জেমছ ডব্লিউ বুন আৰু থমাছ নেটাৰে প্ৰথমবাৰৰ বাবে বিশ্ব এইডছ দিৱসৰ ধাৰণা কৰিছিল। বুন আৰু নেটাৰে তেওঁলোকৰ ধাৰণাটো এইডছৰ গোলকীয় কাৰ্যসূচীৰ সঞ্চালক ড০ জনাথন মানৰ ওচৰলৈ লৈ গৈছিল আৰু তেওঁ ১৯৮৮ চনৰ ১ ডিচেম্বৰ তাৰিখে বিশ্ব এইডছ দিৱস প্ৰথম বাৰৰ বাবে পালন হ’ব লাগে বুলি অনুমোদন জনাই সন্মতি প্ৰদান কৰিছিল আৰু তেতিয়াৰ পৰাই বিশ্ব এইডছ দিৱস প্ৰতিবছৰেই উদযাপিত হৈ আহিছে৷
প্ৰতি বছৰেই এই দিৱস ভিন ভিন বিষয়বস্তুৰে উদযাপিত হয় ৷২০২১ বৰ্ষৰ বিশ্ব এইডছ দিৱসৰ বিষয় বস্তু হ’ল -অসমতা সমাপ্ত কৰক, এইডছ সমাপ্ত কৰক, মহামাৰী সমাপ্ত কৰক। এইচ.আই.ভি. মহামাৰীৰ সমাপ্তি: ন্যায়সঙ্গত প্ৰৱেশাধিকাৰ, সকলোৰে কণ্ঠস্বৰ (আমেৰিকা যুক্তৰাজ্য)