পৰিবেশৰ ভাৰসাম্য বজাই ৰখাৰ লগতে হস্তীৰ ক্ষেত্ৰত এক সজাগতাৰ সৃষ্টি কৰিবৰ বাবে প্ৰতি বছৰে ১২ আগষ্টৰ দিনটো পালন কৰা হয় বিশ্ব হস্তী দিৱস (World Elephant Day) হিচাপে ।
২০১২ চনৰ ১২ আগষ্টৰ দিনটোত প্ৰথম বিশ্ব হস্তী দিৱস পালন কৰা হৈছিল।সেই সময়ত বিশেষ ভাৱে এছিয়া আৰু আফ্ৰিকাৰ বিভিন্ন প্ৰজাতিৰ হাতীৰ অৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। কানাডাৰ ছবি নিৰ্মাতা পেট্ৰিচিয়া চিমছ (Patricia Sims) আৰু থাইলেণ্ডৰ “Elephant Reintroduction Foundation”ৰ যুগ্ম প্ৰচেষ্টাত এই দিনটোৰ আৰম্ভণি কৰা হৈছিল।তেতিয়াৰে পৰাই চিমছে বিশ্ব হস্তী দিৱসৰ মুখ্য ব্যক্তি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে ।
এই বিশেষ দিনটো পালন কৰাৰ আন এক কাৰণ হৈছে হাতীৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা তথা গুৰুত্ব প্ৰদান কৰা।উক্ত দিনটো পালন কৰা দিনৰে পৰা ছবিনিৰ্মাতাজনৰ বিভিন্ন অনুষ্ঠান সমূহে মানুহক হাতীৰ বাবে সজাগতাৰ সৃষ্টিৰ ক্ষেত্ৰত প্ৰয়োজনীয় তথ্য প্ৰদান কৰি আহিছে ।
আনহাতে উক্ত দিনটো আৰম্ভ হোৱা দিনৰে পৰা বহুতো তাৰকা , ৰাজনীতিবিদ তথা আন লোকেও এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা দেখা পোৱা গৈছে । উল্লেখ্য যে ২০২০ চনত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰ তথা উপাধ্যক্ষ ভেনকায়াহ নাইডুয়ে এই ক্ষেত্ৰত বিশেষভাৱে সমৰ্থন আগবঢ়াইছিল।“World Elephant Day” ৰ সেই সময়ত মুখ্য বিষয় আছিল ‘’হাথী হামাৰা ছাথী“ (Haathi Hamara Saathi) ।
বিশ্বৰ বহুতো লেখত ল’বলগীয়া ব্যক্তি যেনে – বাৰাক ওবামা , লিঅ’নাৰ্ড’ ডিকাপ্ৰিয়‘ , হিলাৰী , চেলছি ক্লিটন আৰু লগতে ভাৰতৰ ৰাণা ডাগুবাট্টী ,ৰণদীপ হুদা , দিয়া মিৰ্জা আদি লোকে হাতীৰ সংৰক্ষণ তথা সুৰক্ষাৰ বাবে সদায় নিজৰ মত আগবঢ়াই আহিছে ।
উল্লেখ্য যে “ WWF (World Wide Fund for Nature)” য়ে হাতীৰ ওপৰত কৰা এক গৱেষণাৰ ফল স্বৰূপে বৰ্তমান পৃথিৱীত মাত্ৰ ৪৪০,০০০ হাতী আছে বুলি জানিব পৰা গৈছে । তথ্য মতে প্ৰতি বছৰে প্ৰায় ১৫০০০ টা হাতী চিকাৰৰ বলি হ’ব লগীয়া হয় ।যাৰ বাবে এতিয়া হাতীৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰা অতি প্ৰয়োজনীয় হৈ পৰিছে ।