সমগ্ৰ বিশ্বতে ১৬ অক্টোবৰৰ দিনটো বিশ্ব খাদ্য দিৱস হিচাপে পালন কৰা হয়। ১৯৪৫চনৰ ১৬ অক্টোবৰ তাৰিখে জন্ম হোৱা ‘ইউনাইটেড নেশ্যন ফুড এণ্ড এগ্ৰিকাল্চাৰেল অৰগেনাইজেশ্যন’ ৰ এই বিশেষ দিনটোক সুঁৱৰি সমগ্র বিশ্বতে এই দিৱস উদযাপন কৰা হয়।
ক্ষুধা আৰু খাদ্য সংৰক্ষণৰ বাবে উদযাপন কৰা এই দিৱস ‘ৱৰ্ল্ড ফুড প্ৰগ্ৰাম’, ‘ইন্টাৰন্যাচনাল ফাণ্ড ফৰ এগ্ৰিকাল্চাৰেল ডেভেলপমেন্ট’কে আদি কৰি আন কেইবাটাও লেখত ল’ব লগীয়া আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ দ্বাৰা সমাদৃত।
২০২০চনত ক্ষুধা নিবাৰণ আৰু স্পৰ্শকাতৰ ঠাইসমূহত শান্তি স্থাপন কৰাৰ বাবে লগতে খাদ্যক যুদ্ধ বা সংগ্ৰামৰ অস্ত্র হিচাপে ব্যৱহাৰ কৰা কাৰ্য্যৰ পৰিসমাপ্তি ঘটোৱাৰ বাবে ‘ৱৰ্ল্ড ফুড প্ৰগ্ৰামে'(WFP) শান্তিৰ নোবেল বঁটা লাভ কৰিছিল।
১৯৮১ চনৰ পৰা নিৰ্দিষ্ট কিছুমান বিষয় বস্তুক লৈ এই দিৱস উদযাপন কৰি অহা হৈছে। খাদ্য সংৰক্ষণ আৰু ক্ষুধা নিবাৰণৰ এই যাত্ৰাত অংশগ্ৰহণ কৰা সকলক উৎসাহিত কৰিবলৈ প্ৰতিবছৰে এই দিনটোত বঁটা প্ৰদানৰো ব্যৱস্থা কৰি অহা হৈছে।