স্তন কেঞ্চাৰৰ বিৰুদ্ধে সচেতনতা বৃদ্ধিৰ বাবে প্ৰতি বছৰে ১৩ অক্টোবৰ তাৰিখে বিশ্ব ব্ৰা মুক্ত দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ উপৰিও সমাজত লিংগ সমতা স্থাপন কৰিবলৈ আজিৰ দিনটোত মহিলাসকলক বক্ষবন্ধনী ত্যাগ কৰি মুক্ত মনে বিচৰণ কৰিবলৈ আহ্বান জনোৱা হয়।
২০১১ চনৰ ৯ জুলাই তাৰিখে পোন প্ৰথমবাৰৰ বাবে ব্ৰা মুক্ত দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় স্তন কেঞ্চাৰ সজাগতা মাহ হিচাপে পালন কৰা অক্টোবৰ মাহৰ ১৩ অক্টোবৰ তাৰিখে বিশ্ব ব্ৰা মুক্ত দিৱস পালন কৰিবলৈ নিশ্চিত কৰা হয়।
কানাডাৰ টৰ’ন্ত’ৰ প্লাষ্টিক চাৰ্জন ডা৹ মিছেল ব্ৰাউনে পোন প্ৰথমবাৰৰ বাবে ব্ৰা দিৱস পালন কৰাত উদগণি যোগাইছিল। মহিলাসকলক স্তন কেঞ্চাৰৰ প্ৰতি সজাগ কৰি তোলা তথা নিতৌ নিজৰ স্তন পৰীক্ষা কৰাৰ প্ৰতি আগ্ৰহী কৰি তোলা হৈছে এই দিৱসৰ মূল লক্ষ্য আৰু উদ্দেশ্য।
ইয়াৰ উপৰিও সমাজত লিংগ সমতা প্ৰতিষ্ঠা কৰা আৰু মহিলাৰ পোচাকৰ ওপৰত সমাজৰ দৃষ্টি ভংগী সলনি কৰা এই দিৱসৰ অন্যতম উদ্দেশ্য।