ইউক্ৰেইনত এতিয়াও শাম কটা নাই যুদ্ধৰ পৰিৱেশ ৷ আজি চতুর্থ দিনাও দেশখনৰ ওপৰত অব্যাহত আছে ৰাছিয়াৰ আক্ৰমণ ৷ বোমা-বাৰুদেৰে চলোৱা আক্ৰমণত দেশখনৰ বিভিন্ন প্ৰান্ত একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত হৈছে ৷ ৰাছিয়াই চলোৱা আক্ৰমণত ধ্বংস হৈছে বিশ্বৰ সর্ববৃহৎ এয়াৰক্ৰাফটখনো ৷ ইউক্ৰেইনে নির্মাণ কৰা এই এয়াৰক্ৰাফটখন কিয়েভৰ ওচৰৰ বিমানক্ষেত্ৰত ৰাছিয়াই ধ্বংস কৰে ৷ ইউক্ৰেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডিমিট্ৰো কুলেবাই এয়াৰক্ৰাফটখন ধ্বংস হোৱাৰ কথা নিশ্চিত কৰিছে ৷ উল্লেখ্য যে এ এন-২২৫ ‘ম্ৰিয়া’ – অৰ্থাৎ ইউক্ৰেইনৰ সপোন ‘ নামৰ এয়াৰক্ৰাফটখন এণ্টনভৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল ৷ বিশ্বৰ সৰ্ববৃহৎ কাৰ্গো বিমান হিচাপে বিবেচিত হোৱা এই এয়াৰক্ৰাফটখন ৰাছিয়াৰ গোলাবৰ্ষণৰ ফলত কিয়েভৰ বাহিৰৰ হোষ্টমেল বিমানবন্দৰত জ্বলি চাৰখাৰ হৈ যায় ৷ এই ঘটনাত দুখ প্ৰকাশ কৰি মন্ত্ৰী গৰাকীয়ে কয় “পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিমানখন সেনাবাহিনীয়ে ধ্বংস কৰিছে। আমি বিমানখন পুনৰ নিৰ্মাণ কৰিম। আমি এক শক্তিশালী, মুক্ত আৰু গণতান্ত্ৰিক ইউক্ৰেইনৰ সপোন পূৰণ কৰিম ৷”
নির্মাণকাৰী সংস্থা এণ্টনভে কৈছে যে বিমানখনৰ বৰ্তমানৰ অৱস্থা কি সেয়া নিশ্চিত কৰিব পৰা হোৱা নাই ৷ । বিশেষজ্ঞসকলৰ দ্বাৰা এএন-২২৫ পৰীক্ষা নকৰালৈকে, বিমানখনৰ কাৰিকৰী অৱস্থাৰ বিষয়ে প্ৰতিবেদন দিয়া অসম্ভৱ ৷