‘বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি’ জ’চ প’লিনো গোমছৰ মৃত্যু। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১২৭ বছৰ। শুকুৰবাৰে নিশা মিনাছ গেৰাইছৰ পেড্ৰা বনিটাত থকা নিজৰ ঘৰত মৃত্যু হয় ব্ৰাজিলৰ বাসিন্দা জ’চ প’লিনো গোমছৰ। নিউয়ৰ্ক পোষ্টৰ প্ৰতিবেদন অনুসৰি তেওঁ আছিল “বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি”। এসপ্তাহৰ পিছত তেওঁৰ বয়স ১২৮ বছৰ হ’লহেঁতেন। মৃত্যুৰ সময়ত তেওঁ ৭ গৰাকী সন্তান, ২৫ গৰাকী নাতি, ৪২ গৰাকী নাতিৰ নাতি আৰু ১১ গৰাকী পৰিনাতিক এৰি থৈ যায়। পৰিয়ালৰ মতে হোজে সাধাৰণতে খেতি আৰু পশুপালনৰ কামত নিয়োজিত আছিল। মাজে মাজে সুৰাপান কৰিও ভাল পাইছিল জ’চ প’লিনো গোমছে।
দীৰ্ঘদিন ধৰি জ’চ প’লিনো গোমছৰ বার্ধক্যজনিত অসুখত ভুগি থকা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। শুকুৰবাৰে তেওঁৰ শৰীৰৰ বিভিন্ন অংগ বিকল হ’বলৈ ধৰে। শুকুৰবাৰে নিশা তেওঁৰ মৃত্যু হয়। শনিবাৰে জ’চ প’লিনো গোমছক সমাধিস্থ কৰা হয়।
জ’চ প’লিনো গোমছ বিবাহ পঞ্জীয়নৰ প্ৰমাণ পত্ৰ অনুসৰি তেওঁৰ জন্ম হৈছিল ১৮৯৫ চনত। অৰ্থাৎ তেওঁ দুই বিশ্বযুদ্ধৰ সাক্ষী হৈছিল। নিউয়ৰ্ক পোষ্টৰ প্ৰতিবেদন অনুসৰি তেওঁৰ নাম গিনিজ বুক অৱ ৰেকৰ্ডছত প্ৰকাশ পাব নে নাই সেয়া এতিয়াও নিশ্চিত কৰা সম্ভৱ হোৱা নাই। ‘গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ’ৰ তথ্য অনুসৰি ১১৬ বছৰীয়া মাৰিয়া ব্ৰানিয়াছ ম’ৰ হৈছে ‘বিশ্বৰ আটাইতকৈ বয়সীয়াল জীৱিত ব্যক্তি’। ১৯০৭ চনৰ ৪ মাৰ্চত ম’ৰৰ জন্ম হৈছিল। ভেনিজুৱেলাৰ জুয়ান ভিচেণ্টে পেৰেজক ‘বিশ্বৰ আটাইতকৈ বয়সীয়াল জীৱিত ব্যক্তি ’ হিচাপে ঘোষণা কৰা হৈছে। তেওঁৰ বয়স ১১৪ বছৰ।