মানুহৰ তত্বাৱধানত থকা বিশ্বৰ আটাইতকৈ বয়সীয়াল বৃহদকায় পাণ্ডা ‘এন এন’ৰ বৃহস্পতিবাৰে মৃত্যু হয় ৷ মৃত্যুৰ সময়ত পাণ্ডাটোৰ বয়স আছিল ৩৫ বছৰ ৷ ১৯৯৯ চনৰ পৰা পাণ্ডাটোক অ’চেন পাৰ্কত ৰখা হৈছিল ৷ যোৱা কেইসপ্তাহমানৰ পৰা ‘এন এন’ৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল ৷ কিছুদিন ধৰি পাণ্ডাটোৰ খাদ্য গ্ৰহণ হ্ৰাস পাইছিল ৷ অৱশেষত খাদ্য গ্ৰহণ সম্পূর্ণৰূপে বন্ধ কৰি দিছিল ‘এন এন’–এ ৷ ‘এন এন’ক চীন চৰকাৰে উপহাৰ হিচাপে প্ৰদান কৰিছিল ৷ এক বিবৃতিত অ’চেন পাৰ্কে ‘এন এন’ক হেৰুৱাৰ কথা ঘোষণা কৰি অতিশয় দুখ প্ৰকাশ কৰিছে। বিবৃতিটোত এনেদৰে কয় ‘এন এন’ আমাৰ পৰিয়ালৰ এজন অপৰিহাৰ্য সদস্য ৷ স্থানীয় আৰু পৰ্যটকৰ সৈতে একেদৰেই বন্ধুত্বৰ এক শক্তিশালী বান্ধোন গঢ়ি তুলিছিল ‘এন এন’-এ।” পেংগুইন, ডলফিনকে ধৰি বিভিন্ন জীৱ-জন্তুৰ সংৰক্ষণ কৰা অ’চেন পাৰ্কত বর্তমান ইং ইং আৰু লে লে নামৰ দুটা বৃহদকায় পাণ্ডা আছে।চীনে ২০০৭ চনত ইং ইং আৰু লে লেক পার্কখনক হস্তান্তৰ কৰিছিল ৷