সুস্থ শৰীৰৰ সমান্তৰালকৈ সুস্থ মন এটাও সুস্থ জীৱনৰ বাবে প্রয়োজন। কিন্তু প্ৰতিদিনে বিভিন্ন সমস্যাৰ সৈতে মোকাবিলা কৰিবলগীয়া হোৱাৰ বাবে উদ্বিগ্নতা বাঢ়ি যায় ৷ব্যক্তিগত জীৱন, কৰ্মক্ষেত্ৰত দৈনন্দিন অধিক কামৰ বোজা , প্ৰতিযোগিতা আৰু কৰ্ম পৰিৱেশৰ লগত খাপ খাব নোৱাৰাৰ ফলত উদ্বেগ বাঢ়ি যায়। শেহতীয়াকৈ বিজ্ঞানীসকলে এনে এটা জিন আৱিষ্কাৰ কৰিছে যিটো মূলতঃ উদ্বেগৰ অনুভূতিৰ বাবে দায়ী। বিজ্ঞানীসকলে লক্ষ্য কৰিছে যে জিন পৰিৱৰ্তন কৰি উদ্বেগৰ মাত্ৰা হ্ৰাস কৰা সম্ভৱ। যিসকলৰ মানসিক স্বাস্থ্য ভাল নহয় তেওঁলোকৰ বাবে এই আৱিষ্কাৰ বহুত লাভজনক হ’ব পাৰে।
ব্রিষ্টল আৰু এক্সেটাৰ বিশ্ববিদ্যালয়ৰ গৱেষকৰ নেতৃত্বত চলা এই গৱেষণা প্রকাশ হৈছে নেচাৰ কমিউনিকেশ্যনত৷ প্ৰায় প্ৰতি চাৰিজন লোকৰ ভিতৰত এজনে জীৱনৰ কোনো এটা সময়ত উদ্বেগজনক বিকাৰ, হতাশাত ভোগে। গুৰুতৰ মানসিক আঘাতে মগজুৰ এমিগডালাৰ নিউৰনত জিনীয়, জৈৱৰাসায়নিক আৰু ৰূপগত পৰিৱৰ্তন ঘটাব পাৰে। ইয়াৰ প্ৰভাৱৰ ফলত উদ্বেগজনক বিকাৰ আৰম্ভ হয়।
বজাৰত পোৱা উদ্বেগ নিবাৰণকাৰী ঔষধৰ ফলপ্ৰসূতা কম আৰু কাৰ্যকৰী হ’বলৈ বহু সময় লাগে। এই অধ্যয়নত বিজ্ঞানীসকলে মগজুৰ আণৱিক পৰিৱৰ্তন চিনাক্ত কৰিব বিচাৰিছিল যিয়ে উদ্বেগক প্ৰভাৱিত কৰে। তেওঁলোকে এমআইআৰএনএ (miRNA) নামেৰে জনাজাত অণুৰ এটা গোট পৰীক্ষা কৰিছিল। মানুহৰ মগজুত পোৱা এই গুৰুত্বপূৰ্ণ অণুৰ গোটটোৱে এমিগডালাত কোষীয় প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে আৰু লগতে একাধিক প্ৰটিনকো নিয়ন্ত্ৰণ কৰে। গৱেষকসকলে জানিব পাৰিছে যে মগজুত এমআইআৰ ৪৮৩৫পি( miR 4835p) নামৰ অণুৰ মাত্ৰা বৃদ্ধি কৰিলে উদ্বেগ হ্ৰাস পাব পাৰে। এইবাৰ মগজুৰ জিনত এই অণুৰ মাত্ৰা কেনেকৈ বৃদ্ধি কৰিব পাৰি তাৰ দিশত গৱেষণা আগবাঢ়িছে। তেওঁলোকৰ মতে এই অণুটো বিচাৰি পোৱাৰ পিছত মনোৰোগ বিশেষজ্ঞৰ চিকিৎসা কৰাটো অতি সুবিধাজনক হ’ব।