অসমৰ জাতীয় বীৰ হিচাপে প্ৰতিজন অসমীয়াৰে শ্ৰদ্ধাৰ আহোম সেনাপতি লাচিত বৰফুকন ৷অসমত ছশ বছৰ ৰাজত্ব কৰা আহোম সকলৰ ত্যাগ আৰু বীৰত্বক শ্ৰদ্ধাঞ্জলি জনাবলৈ সেয়েহে অসম চৰকাৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে ৷ এই উপলক্ষে অসমৰ গুৱাহাটীত আৰু যোৰহাটত দুটা স্মৃতিসৌধ নিৰ্মাণকে আদি কৰি আন বহু পদক্ষেপ লৈছে অসম চৰকাৰে ।
এ.এন. আই.ৰ এক প্ৰতিবেদন অনুসৰি আজি ৰাজ্য চৰকাৰে এই স্মৃতিসৌধৰ থ্ৰীডি মডেল মুকলি কৰাৰ কথা সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
১৬৬৯ চনৰ ৫ আগষ্টত হোৱা আলাবৈ যুদ্ধত আহোমসকলে মোগলৰ হাতত পৰাস্ত হৈ ১০ হাজাৰ সৈনিক হেৰুৱাইছিল।সেই বীৰ সৈনিক সকলৰ স্মৃতিত অসমত স্থাপন কৰা হৈছে এই সৌধ ৷
আনহাতে লাচিত বৰফুকনক সমগ্ৰ ভাৰতৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ সামৰিক বীৰ হিচাপে শ্ৰদ্ধা কৰা হয়।তেওঁক শ্ৰদ্ধা জনাই দীঘলীয়া কাৰ্য্যসূচীৰে সমগ্ৰ অসমতে পালন কৰা হৈছে লাচিত দিৱস৷ আনহাতে অহা ২৩ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ ভাৰতৰ ৰাজধানী চহৰ দিল্লীৰ বিজ্ঞান ভৱনত উদযাপন কৰা হ’ব এই দীৰ্ঘদিনীয়া কাৰ্য্যসূচীৰ শেষৰ পৰ্য্যায়ৰ অনিষ্ঠান সমূহ ।
দেশৰ শীৰ্ষ সংবাদ মাধ্যম এ.এন. আই.ৰ মতে কেৱল অসমৰে নহয় সমগ্ৰ ভাৰত বৰ্ষৰ এগৰাকী শ্ৰষ্ঠ বীৰ লাচিত বৰফুকনৰ পবিত্ৰ স্মৃতি অসমত আৰু অসমৰ বাহিৰত চিৰস্থায়ী কৰি ৰখাৰ প্ৰচেষ্টাৰ এক অংশ হিচাপে বৃহৎ পৰিসৰত ৰাষ্ট্ৰীয় ৰাজধানীত এই কাৰ্য্যসূচী অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে অসম চৰকাৰ ।