আজি কৰিমগঞ্জ জিলাত অসম আৰক্ষীয়ে ৩ কোটি টকাৰ অবৈধ য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয় ।এই সন্দৰ্ভত এজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ৷ ব্যক্তিজনক জিলাখনৰ পাথাৰকান্দি চহৰৰ বাসিন্দা আচাব উদ্দিন বুলি চিনাক্ত কৰা হৈছে।
সূত্ৰ অনুসৰি, আৰক্ষীৰ এটা দলে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অভিযুক্তজনৰ ঘৰত অভিযান চলাই ৩০,০০০ য়াবা টেবলেট উদ্ধাৰ কৰে।জানিব পৰা মতে আচাব উদ্দিন বৰ্তমান আৰক্ষীৰ জিম্মাত ৷ অৱশ্যে উক্ত ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে এতিয়াও অব্যাহত আছে আৰক্ষীৰ তদন্ত ।
উল্লেখ্য যে শেহতীয়াকৈ, সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) গুৱাহাটী ফ্ৰণ্টিয়াৰৰ সেনাসকলে এক নিচাজাতীয় চোৰাং ব্যৱসায়ৰ নিবিদা বিফল কৰিবলৈ সক্ষম হোৱাৰ লগতে বৃহৎ পৰিমাণৰ অবৈধ য়াবা টেবলেটৰ সৈতে লোকজনক আটক কৰিছে।