উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আজি ৰাম মন্দিৰৰ ‘শিল পূজন’ (প্ৰাৰ্থনা অনুষ্ঠান) সম্পাদন কৰে ৷ শিল পূজন সম্পন্ন কৰি তেওঁ কয় যে এই মন্দিৰটো হ’ব “মানুহৰ বিশ্বাসৰ প্ৰতীক”।
ৰাম মন্দিৰ ট্ৰাষ্ট, উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আদিৰ উপস্থিতিত যোগী আদিত্যনাথে ৰাম মন্দিৰৰ ভেটি স্থাপন কৰে। ইয়াৰ পাছতে তেওঁ কয়, “এই মন্দিৰটো হ’ব জনসাধাৰণৰ বিশ্বাসৰ প্ৰতীক। ই হ’ব ‘ৰাষ্ট্ৰ মন্দিৰ’ আৰু ইয়াৰ কাম পূৰ্ণ গতিৰে আগবাঢ়ি যাব।” যোগী আদিত্যনাথে দৃঢ়তাৰে কয় যে ভক্তসকলৰ ৫০০ বছৰীয়া অপেক্ষাৰ অন্ত পৰিবলৈ গৈ আছে আৰু অযোধ্যাত এই মন্দিৰ নির্মাণ হ’ব। ইয়াৰ পূৰ্বে মৌৰ্যই কয় যে ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ কাম আৰম্ভ হ’ব।
উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছতে ৰাম জন্মভূমি মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰি দ্বিতীয় পৰ্যায়ৰ মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব।” মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভগৱান ৰামৰ ভক্তসকলৰ বাবে এয়া এক অতি সুখৰ দিন।