এটা সৰু ব্যৱসায় কৰি জীৱন সংগ্ৰামৰ মাজেৰে কোনোমতে দিন অতিবাহিত কৰা যুৱকজনৰ নাম ৰহমত শ্বেখ । হঠাৎ ১৫০ টকাৰ এটা লটাৰী টিকতে জীৱনলৈ আমূল পৰিৱৰ্তন আনিলে ৰহমতৰ।নিশাটোৰ ভিতৰতে কোটিপতি হোৱা যুৱকজন অৱশেষত ভয়তে কাষ চাপিল আৰক্ষীৰ ।
জানিব পৰা মতে, ৰহমতে ভগা–চিগা সামগ্ৰীৰ ব্যৱসায় কৰে। পেলনীয়া সামগ্ৰী কিনি আনি আন স্থানত বিক্ৰী কৰি পোহপাল দিয়ে পৰিয়ালক।
৮ জুনত তেওঁ স্থানীয় দোকান এখনৰ পৰা এটা লটাৰীৰ টিকট কিনিছিল। সেই লটাৰীৰ টিকটে যে জীৱনলৈ এনেকুৱা পৰিৱৰ্তন আনিব সেয়া সপোনতো ভৱা নাছিল ৰহমতে। বুধবাৰে নিশা ৮ বজাৰ পিছত তেওঁ খবৰ পালে যে ৰহমতে ১ কোটি টকা জিকিছে লটাৰীত। মুহূৰ্তৰ ভিতৰতে বহু লোক উপস্থিত হ’ল ৰহমতৰ ঘৰত। মানুহৰ ভিৰ দেখি আতংকিত হৈ পৰা ৰহমতে লগে লগে ৰামপুৰহাট আৰক্ষীক খবৰ দিয়ে ।লগে লগে আৰক্ষীয়ে নিৰাপত্তা দি যুৱকজনক থানালৈ লৈ আহে। ৰামপুৰহাট থানাত নিৰাপত্তা দি থকা–খোৱা সকলো ব্যৱস্থা কৰা হয় ৰহমতৰ ।