পুনৰ শৰাইঘাটৰ নতুন দলঙত অঘটন সংঘটিত হৈছে । দলঙৰ ওপৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীত জপিয়াই এজন যুৱকে আত্মহত্যা কৰিবলৈ সৃষ্টি কৰে ৷ ইয়াক লৈ আজি দুপৰীয়াৰ ভাগত দলঙখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷আত্মহত্যাৰ চেষ্টা চলোৱা যুৱকজন বাইহাটা চাৰিআলিৰ হাফিজুৰ ৰহমান বুলি জানিব পৰা গৈছে ৷ প্ৰেমজনিত কাৰণতে তেওঁ এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি আশংকা কৰা হৈছে ৷
উল্লেখ্য যে যুৱকজনে দলঙৰ পৰা জঁপিয়াবলৈ উদ্যত হোৱা প্ৰত্যক্ষ কৰি বহুলোকে তেওঁক বাধা দিবলৈ চেষ্টা কৰে ৷ কিন্তু এই বাধা নামানি ব্ৰহ্মপুত্ৰত জাপ দিয়ে যুৱকজনে। সমগ্ৰ দৃশ্য বন্দী হয় মোবাইলৰ কেমেৰাত।
ব্ৰহ্মপুত্ৰত জাপ দিয়াৰ পিছতে যুৱকজনক নদী আৰক্ষীয়ে উদ্ধাৰ কৰে । নদী আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ কৰি জালুকবাৰী আৰক্ষীক গটাই দিয়ে । বৰ্তমান জালুকবাৰী আয়ুৰ্বেদিক হাস্পতালত ভৰ্তি কৰোৱা হৈছে যুৱকজনক।