VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শীত নেওচি অসম গ্ৰন্থমেলা, শিলচৰত পুথিপ্ৰেমীৰ সমাৱেশ

বৰ্ষণমুখৰ শীতৰ বিয়লি উমাল কৰিলে যুৱ-লেখকৰ অনুষ্ঠান “উন্মীলনে”

voicedesk by voicedesk
December 7, 2023
in মুখ্য সংবাদ
শীত নেওচি অসম গ্ৰন্থমেলা, শিলচৰত পুথিপ্ৰেমীৰ সমাৱেশ
0
SHARES
82
VIEWS
Share on FacebookShare on Twitter

পুৱাৰ ভাগত পাতলীয়াকৈ অহা বৰষুণজাক সন্ধিয়ালৈ নেৰানেপেৰা হৈ ডিচেম্বৰ মাহৰ শীতক অভিবাদন জনোৱাৰ সময়তো গ্ৰন্থৰ সান্নিধ্যত উমাল হৈছে বৰাক উপত্যকাৰ হৃদপিণ্ড স্বৰূপ ঐতিহাসিক শিলচৰ চহৰ ৷ শীতৰ বৰষুণকো আওকান কৰি প্ৰৱেশদ্বাৰ বন্ধ হোৱাৰ সময়লৈ অসম গ্ৰন্থমেলা, শিলচৰত পুথিপ্ৰেমীৰ সমাৱেশে কাৰ্যতঃ ইয়াকে প্ৰতিপন্ন কৰিছে ৷ গ্ৰন্থমেলালৈ ইয়াৰ বৌদ্ধিক সমাজৰ ইতিবাচক সঁহাৰিয়ে উৎসাহিত কৰি তুলিছে লেখক-প্ৰকাশক তথা গ্ৰন্থ বিক্ৰেতাসকলক ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আয়োজন কৰা দহদিনীয়া অসম গ্ৰন্থমেলাই আজি সপ্তম দিন অতিক্ৰম কৰিলে ৷ নিৰ্ধাৰিত কাৰ্যক্ৰমণিকা অনুসৰি আজি অসম গ্ৰন্থমেলাত অনুষ্ঠিত হয় যুৱ-লেখকসকলৰ “উন্মীলন” শীৰ্ষক আকৰ্ষণীয় অনুষ্ঠান ৷ কবি-সাংবাদিক নৱজ্যোতি পাঠকে আঁত ধৰা এই অনুষ্ঠানটিত সঞ্চালকৰূপে অংশগ্ৰহণ কৰে অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° বৰুণজ্যোতি চৌধুৰীয়ে ৷ তেওঁ কয় যে যুৱে-লেখকসকলক এনেদৰে এখন মঞ্চ দি অসম গ্ৰন্থমেলাই এক ব্যতিক্ৰমী অথচ আশাৰ বতৰা দিছে ৷ ইয়াত মিলিত হোৱা কবি, গল্পকাৰ, নিৱদ্ধকাৰসকলৰ বাবে এয়া বৰ ভাল অভিজ্ঞতা হৈ ৰ’ব ৷ তেওঁলোকে কিয় কলম হাতত তুলি লৈছে , সৃষ্টিৰ জৰিয়তে তেওঁলোকে ব্যক্তি-জীৱন আৰু সমাজ-জীৱনলৈ কি বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচাৰে সেই বিষয়ে প্ৰত্যেকেই নিজৰ ধাৰণা দাাঙি ধৰিছে ৷ এয়া যুৱ-লেখকসকলৰ বাবে দৰাচলতে লক্ষ্য নিৰ্ধাৰণৰ মঞ্চ ৷ এয়া পূৰামাত্ৰাই ইতিবাচক ৷ “উন্মীলন”ত অংশগ্ৰহণ কৰা যুৱ-লেখকসকল হৈছে বিশ্বৰাজ ভট্টাচাৰ্য, বিশ্বজিৎ ভট্টাচাৰ্য, ভাস্কৰজ্যোতি দাস, মেঘদূত সেন, নীলাদ্ৰি ভট্টাচাৰ্য, কল্পিতা দেব,দেৱাশিস চক্ৰৱৰ্তী, কনিকা চক্ৰৱৰ্তী, বিশাকা অধিকাৰী, অৰ্পিতাৰাণী দাস, পুষ্পিতা দাস, চানী ভট্টাচাৰ্য, সীমা সিং আৰু কমলা থাপা সোনাৰে ৷ ইপিনে আজি সন্ধিয়াৰ সাংস্কৃতিক প্ৰতিযোগিতাও দৃষ্টিনন্দন হৈ পৰে ৷উল্লেখ্য যে অসম গ্ৰন্থমেলা, শিলচৰতো এহেজাৰ টকাৰ গ্ৰন্থ ক্ৰয় কৰা সকলক ১ লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰৰ বাবে কুপন দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷গ্ৰন্থমেলাৰ অন্তিম দিনা অৰ্থাৎ অহা ১০ ডিচেম্বৰত সন্ধিয়া ৬ বজাত লটাৰীৰ জৰিয়তে এই পুৰস্কাৰ প্ৰদান কৰা হ’ব ৷

Previous Post

অসম আৰক্ষীৰ ৬ আইপিএছক পদোন্নতি ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ

Next Post

কাইলৈৰ পৰা কামৰূপ মহানগৰ জিলাত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ সমষ্টিভিত্তিক প্ৰতিযোগিতা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কাইলৈৰ পৰা কামৰূপ মহানগৰ জিলাত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ সমষ্টিভিত্তিক প্ৰতিযোগিতা

কাইলৈৰ পৰা কামৰূপ মহানগৰ জিলাত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ সমষ্টিভিত্তিক প্ৰতিযোগিতা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7