গুৱাহাটীৰ চন্দ্ৰপুৰত সংঘটিত হৈছে এক শোকাবহ ঘটনা ৷ ব্ৰহ্মপুত্ৰত মাছ মাৰিবলৈ গৈ শণিবাৰৰ পৰাই এজন যুৱক নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে ৷ যুৱকজনৰ ২নং চন্দ্ৰপুৰ গাঁৱৰ নিশিত সেন বুলি জানিব পৰা গৈছে ৷ আনহাতে ব্ৰহ্মপুত্ৰত মাছ মাৰিবলৈ গৈ নিশিতে প্ৰাণ হেৰুওৱা বুলি সন্দেহ প্ৰকাশ কৰিছে নিশিতৰ পৰিয়ালৰ লোক তথা স্থানীয় ৰাইজে ৷
ব্ৰহ্মপুত্ৰত মাছ মাৰিবলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা নিশিত শণিবাৰৰ পৰাই নিৰুদ্দেশ হৈ আছিল ৷ চন্দ্ৰপুৰৰৰ শিলকুঁৱৰীৰ সমীপত সংঘটিত হৈছে এই শোকাবহ ঘটনা ৷ অৱশ্যে সন্ধানহীন হৈ থকা নিশিত সেন নামৰ যুৱকজনৰ মৃতদেহ এতিয়াও উদ্ধাৰ কৰা হোৱা নাই ৷