ম্যানমাৰত আলফা শিৱিৰত এজনৰ পাছত আন এজন কেডাৰক মৃত্যুদণ্ড দিয়া ঘটনাই সৃষ্টি কৰা তীব্ৰ চাঞ্চল্য মাৰ নৌযাওতেই বৰপথাৰৰ এজন যুৱকে নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰা ঘটনাই জোকৰণি তুলিছে ৷ মৰাণৰ বৰপথাৰৰ দামৈখাটিৰ পলাশ কোঁৱৰ নামৰ যুৱকজনে আলফা(স্বা)ত যোগদান কৰা বুলি জানিব পৰা গৈছে।
যোগদানৰ বিষয়ে অৱগত কৰি সামাজিক মাধ্যমত ভিডিঅ’ আপলোড কৰিছে যুৱকজনে। সংযুক্ত মুক্ত বাহিনীত যোগদানৰ কথা উল্লেখ কৰে ভিডিঅ’ত। ইয়াৰ পিছতেই পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। পুত্রক ঘূৰাই পঠাবলৈ পৰেশ বৰুৱালৈ আহ্বান জনাইছে পৰিয়ালে ।
ইপিনে আলফা(স্বাধীন)ত যোগদান কৰাৰ পাছত পলাশ কোঁৱৰে কয় –“ঐতিহাসিকভাৱে অসমত বসবাস কৰি অহা প্ৰতিটো জাতি জনগোষ্ঠীৰ তাৰ আজন্ম অধিকাৰ হেৰুৱাৰ পিছত উত্তৰাধিকাৰি হিচাপে পোৱা ককাদেউতাৰ ভেটিটোত আজিৰ বিদেশী বনিয়াৰ দপদপনি, আইৰ মুখৰ ভাষা আজি সংকটৰ গৰাহত৷ খিলঞ্জীয়া অসমীয়া জাতিটোৰ আজি পানীত হাঁহ নচৰা অৱস্থা আৰু সেই পানীতেই ঘঁৰিয়ালৰূপী বিদেশীৰ বিচৰণ৷ যিয়ে জাতিটোক এফালৰ পৰা কোগা কৰি আনিছে৷
আজিৰ প্ৰেক্ষাপটত অসমে প্ৰতিটো ক্ষুদ্ৰ ক্ষুদ্ৰ অধিকাৰ বাবে ৰাজপথলৈ ওলাই আহিব লগা হৈছে। তাতোতকৈ ডাঙৰ কথা এইয়ে যে যেতিয়াই খিলঞ্জজীয়া জনগণে অধিকাৰৰ কথা কয় তেতিয়াই ঔপনিৱেশিক শাসনৰ বিভিন্ন ধাৰাবোৰ থলগিৰীৰ ওপৰত জাপি দিয়া হয়, লগতে থলগিৰীৰ ওপৰত জপিয়াই পৰে দখলদাৰি বাহিনীৰ ভেৰুণীয়া কুকুৰবোৰ। তেজেৰে ৰাঙলী হয় ৰাজপথ, ধৰ্ষিতা হয় মাতৃ-ভগ্নী উৰুখা পজাত। সকলোবোৰ জানিও আজি আমি নিশ্চুপ !
কিন্তু কিয় ? আৰু কিনাম দিনলৈ ? বৰ্তমান অসমভূমি এশ এবুৰি সমস্য়াৰে জৰ্জৰিত। অসমৰ আজিৰ এনে পৰিবেশ-পৰিস্থিতিৰ মাজত সকলো জাতি-জনগোষ্ঠীৰ সৰ্বস্বত্ত্ব সুৰক্ষাৰ বাবে সচেতন ৰাইজ, সকলো দল-সংগঠনৰ একত্ৰিত শক্তিৰ প্ৰয়োজন আছিল, কিন্তু অসমত আজি সেয়া হৈ উঠা নাই , সকলোৱে কেৱল নিজৰ স্বাৰ্থৰ পিছতহে দৌৰা দেখা গৈছে। স্বাধীনচিতিয়া অসমৰ খিলঞ্জাজীয়া জাতিটোৱে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক স্বাধীনতা হেৰুৱাই পৰাধীনতাৰ শিকলি পিন্ধি অনেক বীৰ-বীৰাংগনাক হেৰুৱাই মান-ব্ৰিটিছৰ পৰা নিজকে মুক্ত কৰিলো যদিও পৰাধীনতা অৱস্থা এটাৰ পৰা কাহানিও নিজকে মুক্ত কৰিব নোৱাৰিলো।“
তেওঁ পুনৰ লিখিছে –“এফালে বহিৰাগত অপশক্তিৰ কেঁকুৰাৰ চেঁপা, আনফালে শাসনৰ বাঘজৰী ধৰা বাদুলী ফুকনৰ বৰ্বৰ শাসনত খিলঞ্জীয়া ৰাইজৰ বৰভেটি থৰক বৰক। ইয়াৰ সমপৰ্যায় ভাৱে নাওঁ বুৰিলেও টিঙৰ পৰা ননমা একাংশ অন্ধমুনি সুখৰ নিদ্ৰাত মগ্ন। লগতে জনগণৰ শিৰোমনি দেৱদূতৰূপী মূখাপিন্ধা এখিনি বুদ্ধিজীৱী। লাচিতৰ দেশত আজি অসুৰৰ কিৰিলি, তৎসত্ত্বেও অৱসৰ বিনোদনত মগ্ন আজিৰ আমাৰ বৰমূৰীয়া সকল। অসমৰ থলগিৰী ৰাইজৰ অস্তিত্ত্ব ৰক্ষাৰ ধাৰাবাহিক যুঁজখনত কাৰ কি লাভালাভ হৈছে সেয়া জননীৰ পটভূমি চালেই জলজট পটপত হৈ পৰে।গতিকে এজন খিলঞ্জীয়া যুৱক হিচাপে বিকল্প সমাধান বিচাৰি পাওঁ কেৱলখিলঞ্জীয়াৰ জন্মগত অধিকাৰ “সাৰ্বভৌম স্বাধীন অসম হয়, মই জানো স্বাধীন অসমৰ পথ কোনো ৰাজ আতিথ্য়ৰ বাবে পাৰিথোৱা ৰঙা দলিচা নহয়। ই অতি কণ্টকময়। আমাৰ বহুতেই ক’ব বিচাৰে যে আমি নিজ ভুমিতেই থাকি খেতি বাতি কৰি অৰ্থনৈতিকভাৱে আগুৱাই নিব পাৰি বুলি ! কিন্তু অসমীয়াই আজি সেইখিনি সুবিধাৰ পৰা বঞ্চিত। বহু কষ্ট ফলত উৎপাদিত ফচলৰ উচিত মূল্য আজি অসমীয়া কৃষকে পাইছেনে ? ঠিক তেনেকৈ অন্যান্য ব্যৱসায়তো মধ্যভূগী সকলে অসমীয়া ৰাইজৰ কঁকাল কোঙা কৰিছে। এই ক্ষেত্ৰত হাত উজান দিছে একাংশ সহোদৰে। আজি আমি কাকো বিশ্বাসত লব নোৱাৰা অৱস্থা। কি আছু, কি অন্য দল-সংগঠন। আজি মই বিনা দ্বিধাই ক’ব পাৰোঁ যে অসমৰ দল-সংগঠন বিলাক ভৱিষ্যতৰ ৰাজনৈতিক দালাল বনোৱা একো একোটা কাৰাখানা মাথোঁ। সেয়হে আজি মই মোৰ স্ব-জ্ঞানেৰে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) ত যোগদান কৰিবলৈ ওলাই আহিলো। “